Why did two IPS officers fight?: দুই IPS বিষয়াৰ মাজত কিয় লাগিল কাজিয়া?

গুৱাহাটী, ২৪ নৱেম্বৰ: নৈশ পাৰ্টীত দুই জ্যেষ্ঠ IPS বিষয়াৰ মাজত প্ৰচণ্ড মাৰপিট। কোকৰাঝাৰত আৰক্ষীৰ শীৰ্ষ মহলত তীব্ৰ চাঞ্চল্য। অসম আৰক্ষীৰ শীৰ্ষ মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত। চৰাইখোলা বেটেলিয়নত অনুষ্ঠিত এটা নৈশ পাৰ্টীত দুগৰাকী জ্যেষ্ঠ IPS বিষয়াৰ মাজত প্ৰথমে তীব্ৰ বাক-বিতণ্ডা আৰু পৰৱৰ্তী সময়ত মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাত জড়িত থকাৰ অভিযোগ উঠিছে কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গ আৰু উপ-আৰক্ষী মহাপৰিদৰ্শক ৱাই টি গেটছু ৰ বিৰুদ্ধে।

প্ৰকাশিত তথ্য অনুসৰি, চৰাইখোলা বেটেলিয়নত এছএছপি অক্ষত গাৰ্গে আয়োজন কৰিছিল এটা নৈশ পাৰ্টী। উক্ত পাৰ্টীলৈ নিমন্ত্ৰিত আছিল ডিআইজি ৱাই টি গেটছু। পাৰ্টী চলি থকাৰ মাজতে দুয়োগৰাকী জ্যেষ্ঠ বিষয়াৰ মাজত কোনো বিষয়ক কেন্দ্ৰ কৰি তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই ভয়াৱহ ৰূপ ধাৰণ কৰি হতাহতিৰ পৰ্যায় পায়গৈ বুলি জানিব পৰা গৈছে।

আনহাতে, এই ঘটনাত এছএছপি অক্ষত গাৰ্গ গুৰুতৰভাৱে আহত হোৱা বুলি একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। অৱশ্যে দুয়োগৰাকী বিষয়াৰ মাজত সংঘাতৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

Related Posts

ইফালে, ঘটনাটোৱে আৰক্ষীৰ শীৰ্ষ মহলৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতে বিষয়টো সমাধানৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে। প্ৰকাশিত খবৰ অনুসৰি, সমগ্ৰ বিষয়টো মীমাংসা কৰাৰ দায়িত্ব IPS বিষয়া সুৰেন্দ্ৰ কুমাৰক অৰ্পণ কৰা হৈছে।

উল্লেখ্য যে, ঘটনাটোক লৈ আৰক্ষী আৰু প্ৰশাসনিক মহলত বিভিন্ন চৰ্চা অব্যাহত আছে। একাংশ মহলত ইয়াক ব্যক্তিগত বিবাদৰ পৰিণতি বুলি চৰ্চা চলিছে। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো স্পষ্টীকৰণ প্ৰকাশ পোৱা নাই।

দায়িত্বশীল পদত অধিষ্ঠিত দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মাজত এনে সংঘাতৰ অভিযোগে স্বাভাৱিকতেই অসম আৰক্ষীৰ কৰ্মসংস্কৃতি আৰু শীৰ্ষ মহলৰ শৃংখলাবদ্ধতাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। এতিয়া সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ লগতে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াই হ’ব লক্ষণীয়।

You might also like
Leave A Reply

Your email address will not be published.