নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ মহীৰূহ সত্ৰাধিকাৰ লীলাকান্ত দেৱ মহন্তৰ দেহাৱসান

নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ মহীৰূহ সত্ৰাধিকাৰ লীলাকান্ত দেৱ মহন্তৰ দেহাৱসান

৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

 

গুৱাহাটী, ২০ নৱেম্বৰঃ অসমৰ নৱবৈষ্ণৱ ধৰ্ম, শংকৰী সাহিত্য আৰু সত্ৰীয়া সংস্কৃতিৰ জগতখনলৈ নামি আহিল গভীৰ শোকৰ ছাঁ। বিশিষ্ট বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা নগাঁও জিলাৰ নতুন ভোগবাৰী শ্ৰীশ্ৰী দীঘলী সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত দেৱ মহন্তৰ পৰলোকপ্ৰাপ্তি। ১৯ নৱেম্বৰৰ নিশা ৮ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ধৰ্মীয় ব্যক্তিগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ বিগত এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ।

https://adtu.in/
 
Related Posts

১৯৩০ চনৰ ৭ জানুৱাৰীত জন্মগ্ৰহণ কৰা লীলাকান্ত দেৱ মহন্তই জীৱনৰ অধিকাংশ সময় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ আদৰ্শ প্ৰচাৰ তথা সত্ৰীয়া সংস্কৃতিৰ বিকাশৰ বাবে উৎসৰ্গা কৰিছিল। ব্ৰজাৱলী ভাষা, শংকৰী সাহিত্য, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য-গীত আৰু আধ্যাত্মিক দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ পাণ্ডিত্য আৰু অৱদান আছিল উল্লেখযোগ্য। অসম সত্ৰ মহাসভাৰ সৈতেও তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল।

সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ আৰু সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰে। আজি পুৱা তেওঁৰ নশ্বৰ দেহ লৈ নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত উলিওৱা হয় বিশাল শোক শোভাযাত্ৰা। পৰম্পৰাগত গায়ন-বায়ন, খোল-তাল আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ। অসংখ্য ভকত-বৈষ্ণৱ, গুণমুগ্ধ আৰু স্থানীয় ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, কাৰ্যকৰী সভাপতি ভৱানন্দ গোস্বামী আৰু সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সত্ৰাধিকাৰগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। তেওঁলোকে কয় যে লীলাকান্ত দেৱ মহন্তৰ মৃত্যু অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

মৃত্যুৰ সময়ত তেওঁ পত্নী হেমলতা মহন্ত, দুই পুত্ৰ প্ৰমোদ মহন্ত আৰু নবীন চন্দ্ৰ মহন্ত, দুই কন্যা আৰু নাতি-নাতিনীসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

এগৰাকী সাধক, পণ্ডিত আৰু সংস্কৃতিৰ নিষ্ঠাবান সেৱক হিচাপে লীলাকান্ত দেৱ মহন্তৰ অৱদান অসমীয়া সমাজ জীৱনত চিৰস্মৰণীয় হৈ ৰ’ব।

You might also like
Leave A Reply

Your email address will not be published.