আকৌ আহি আছে কঠোৰ যান-বাহন আইন

আকৌ আহি আছে কঠোৰ যান-বাহন আইন

গুৱাহাটী, ১৪ নৱেম্বৰঃ ৰাজ্যত আকৌ বলবৎ হ’ব কঠোৰ যান-বাহন আইন। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ ৰঙাজানৰ শিহৰণকাৰী দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই কথা স্পষ্ট কৰি দিয়ে। ড০ শৰ্মাই অকপটে স্বীকাৰ কৰে যে, ৰাজনৈতিক হেঁচাত যান-বাহন নিয়ম শিথিল কৰা হৈছিল।

নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজনৈতিক হেঁচাৰ সন্মুখত সেও মানি কিছু যান-বাহন নিয়ম শিথিল কৰা হৈছিল বুলি স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাৰ শোকাৱহ পথ দুৰ্ঘটনাৰ পাছতে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজনৈতিক হেঁচাত এনে সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত হোৱা নাছিল।

Related Posts

তেওঁ লগতে আক্ষেপ প্ৰকাশ কৰি কয় যে সেই সময়তো নিয়ম শিথিল কৰাৰ সিদ্ধান্তত সন্মতি দিয়া উচিত হোৱা নাছিল। ভৱিষ্যতে এনে ভুলৰ পুনৰাবৃত্তি নহ’ব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

জনসাধাৰণৰ জীৱনৰ সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দি ৰাজ্যত পুনৰ কঠোৰ যান-বাহন নিয়ম প্ৰৱৰ্তন কৰাৰ লগতে নিয়মসমূহ দৃঢ়ভাৱে বলৱৎ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে তেওঁ।

কাজিৰঙাৰ দুৰ্ঘটনাৰ পাছত মুখ্যমন্ত্ৰীৰ এই স্বীকাৰোক্তিয়ে ৰাজ্যৰ যান-বাহন সুৰক্ষা ব্যৱস্থা আৰু ৰাজনৈতিক সিদ্ধান্তক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.