সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনীক লৈ বিতৰ্ক

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনীক লৈ বিতৰ্ক

২২ টা ভাষাত প্ৰকাশিত পুথিৰ বিতৰণক লৈ অনুবাদকসকলৰ ক্ষোভ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ নৱেম্বৰঃ  ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি দেশৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈৰ মাজলৈ ২২ টা ভাষাত কঢ়িয়াই নিয়াৰ অসম চৰকাৰৰ এক মহত্বপূৰ্ণ প্ৰচেষ্টা সম্প্ৰতি প্ৰকাশন আৰু বিতৰণৰ এক ডাঙৰ সমস্যাত পৰিছে। প্ৰকাশন পৰিষদ অসমৰ দ্বাৰা ৰূপায়ন কৰা এই প্ৰকল্পটোৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰন্থখন উন্মোচন কৰাৰ পিছত, এতিয়াও বহু অনুবাদকে তেওঁলোকৰ কামৰ চূড়ান্ত প্ৰতিলিপি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related Posts

মূলতঃ অসমীয়াত ৰচিত বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এই গ্ৰন্থখন ইংৰাজী, হিন্দী, সংস্কৃত, বড়ো, মাৰাঠী, কানাড়া, তেলেগু, নেপালী, কোংকণী, মালয়ালম, গুজৰাটী, ৰাজস্থানী, কাশ্মীৰী, ডোগ্ৰী, ওড়িয়া, পাঞ্জাবী, চন্থালী, তামিল, উৰ্দু, বাংলা আৰু মৈথিলী ভাষালৈ অনুবাদ কৰা হৈছিল। কিন্তু এমাহ নহয়, এবছৰতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো বহু অনুবাদকে কিতাপখনৰ কপি হাতত নাপাই তেওঁলোকৰ আশা ভংগ হোৱা বুলি প্ৰকাশ কৰিছে।

মালায়লম ভাষালৈ অনুবাদ কৰা অনন্ত নাৰায়ণে সংবাদমাধ্য়মক জনায় যে, উন্মোচনৰ সময়ত তেওঁলোকক মাত্ৰ দুটাকৈ ডামি কপি (নকল প্ৰতিলিপি) দিয়া হৈছিল। তেওঁলোকে সেইসমূহ সংশোধন কৰি লগে লগে চূড়ান্ত প্ৰকাশনৰ বাবে ঘূৰাই পঠিয়াইছিল যদিও তাৰ পিছত প্ৰকাশন পৰিষদৰ ফালৰ পৰা কোনো খবৰ লাভ কৰা নাই। তেওঁৰ অভিযোগ অনুসৰি, চৰকাৰে কেৱল এটা প্ৰচাৰধৰ্মী কাৰ্যসূচী হিচাপেই এই কিতপখন উন্মোচন কৰিছিল।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনীক লৈ বিতৰ্ক
কোংকণী অনুবাদক লিলেশ বাসুদেৱ কুডলকাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে, সফল উন্মোচন অনুষ্ঠানৰ বাবে অনুবাদকসকলে অতি কম সময়ৰ ভিতৰতে কাম সম্পূৰ্ণ কৰি দিছিল, কিন্তু এতিয়ালৈকে তেওঁলোকে এখন কপিও লাভ নকৰিলে। তামিল অনুবাদক কে নাল্লাথাম্বীয়ে এই সন্দৰ্ভত যোৱা জুলাই মাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি প্ৰকাশন পৰিষদৰ অৱহেলাৰ কথা অৱগত কৰিছিল। ইয়াৰ পিছতে তামিল সংস্কৰণটো প্ৰকাশ পায় আৰু তেওঁক পাঁচখন কপি প্ৰেৰণ কৰা হয় বুলি তেওঁ ফেচবুকত উল্লেখ কৰে।

আনহাতে, “ভূপেন হাজৰিকা প্ৰকল্প”ৰ দায়িত্বত থকা বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা কবি অপৰাজিতা পূজাৰীয়ে কয় যে তেওঁ নিজৰ দায়িত্ব যথাসময়ত সম্পূৰ্ণ কৰিছিল। ছপা আৰু বিতৰণৰ দায়িত্ব তেওঁৰ নহয় বুলি তেওঁ মন্তব্য কৰে। এই সন্দৰ্ভত প্ৰকাশন পৰিষদ অসমৰ সচিব প্ৰমোদ কলিতাই কয় যে, ২০২৭ চনত সকলো ভাষাতে পৰ্যাপ্ত সংখ্যক পুথি ছপা কৰি সংশ্লিষ্ট ৰাজ্যসমূহৰ পুথিভঁৰাললৈ বিনামূলীয়াকৈ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। উন্মোচনৰ সময়ত কেৱল ডামি কপি দিয়া হৈছিল বুলি স্বীকাৰ কৰি তেওঁ কয় যে অনুবাদকসকলক কিমান কপি লাগে জনোৱাৰ বাবে অনুৰোধ কৰা হৈছিল। তদুপৰি, প্ৰকল্পৰ দায়িত্বত থকা লোকসকলৰ ফোন বহুতে নধৰাৰ বাবেও যোগাযোগত পলম হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.