এটা ঘৰতে উদ্ধাৰ ৬ টা মৃতদেহ, পিছে ক’ত?
মহাৰাষ্ট্ৰ, ৯ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ধাৰাশিৱ জিলাৰ য়েদশী গাঁৱত দেওবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ছজন সদস্যৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে দুগৰাকী শিশু আৰু দুগৰাকী বৃদ্ধ ব্যক্তি। অৱশ্যে অগ্নিকাণ্ডৰ মাজৰ পৰা এজন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল।
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ২.৩০ বজাত পৰিয়ালটোৰ ঘৰ আৰু তলৰ মহলাত থকা গেলামালৰ দোকানখনত জুই লাগে। সেই সময়ত পৰিয়ালৰ সদস্যসকল ওপৰৰ মহলাত শুই আছিল। দোকানখনত বৃহৎ পৰিমাণৰ প্লাষ্টিক সামগ্ৰী আৰু তেলৰ টিন মজুত থকাৰ বাবে অতি কম সময়ৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ধাৰাশিৱৰ আৰক্ষী অধীক্ষক ৰিতু খোখাৰে জনোৱা মতে, চাৰিজনৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে আত্মৰক্ষাৰ চেষ্টা কৰা আন দুজনৰ জুইত মৃত্যু হয়। মৃত লোককেইজন গোবিন্দ কাৰাণ্ডেৰ পৰিয়ালৰ সদস্য।
ইফালে, দেওবাৰে নিশা থানেৰ ৰাহেজা গাৰ্ডেন আৱাসিক কমপ্লেক্সৰ অষ্টম, নৱম আৰু দশম মহলাত আন এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। জুই নিৰ্বাপণ আৰু আৱাসীসকলক উদ্ধাৰৰ বাবে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন মোতায়েন কৰা হয়। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেও ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ অভিযানৰ বুজ লয়।