When will tribal mother tongue teachers be recruited: জনজাতীয় মাতৃভাষাৰ শিক্ষক নিযুক্তি কেতিয়া

গুৱাহাটী, ৮ নৱেম্বৰ: প্ৰতিখন বিদ্যালয়ত জনজাতীয় মাতৃভাষা শিক্ষক নিযুক্তিৰ দাবী ইটছাৰ। অসমৰ খিলঞ্জীয়া জনজাতিসমূহৰ মাতৃভাষাৰ শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দাবীৰে প্ৰতিখন বিদ্যালয়ত কমেও দুজনকৈ জনজাতীয় ভাষা শিক্ষক শীঘ্ৰে নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনাইছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে (ইটছা)। দেওবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত জনজাতি জিৰণী চ’ৰাত সংগঠনটোৰ সভাপতি গোবিন্দ টাইডৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই দাবী উত্থাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাত ৰাভা, মিচিং, তিৱা, দেউৰী, ডিমাছা আৰু কাৰ্বি আদি জনজাতীয় ভাষাৰ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা, সময়মতে পাঠ্যপুথি প্ৰকাশ আৰু যোগান ধৰা, বড়ো ভাষাৰ শিক্ষা দ্বাদশ শ্ৰেণীলৈ আৰু গাৰো ভাষাৰ শিক্ষা দশম শ্ৰেণীলৈ উন্নীত কৰাৰ দাবী জনোৱা হয়। ইয়াৰ উপৰি সংগঠনটোৰ নামত পূৰ্বে প্ৰস্তাৱিত ভূমি আৱণ্টন দিবলৈও চৰকাৰক আহ্বান জনায়।

Related Posts

সভাত ২০২৭ চনৰ এপ্ৰিল মাহৰ ভিতৰত সংগঠনটোৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সভাতে বড়ো, ৰাভা, মিচিং, তিৱা, গাৰো, কাৰ্বি, দেউৰী, ডিমাছা, ইংৰাজী, অসমীয়া আৰু হিন্দী মুঠ ১১টা ভাষাৰ বহুভাষিক অভিধান উন্মোচন কৰা হ’ব।

সভাৰ আন এক সিদ্ধান্ত অনুসৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান হিচাপে যোগেশ্বৰ বৰদলৈক দায়িত্ব অৰ্পণ কৰা হয়। সভাত বড়ো, ৰাভা, মিচিং, তিৱা, গাৰো, কাৰ্বি, দেউৰী আৰু ডিমাছা সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

জনজাতীয় মাতৃভাষাৰ সংৰক্ষণ, প্ৰসাৰ আৰু বিদ্যালয় পৰ্যায়ত শিক্ষাৰ অধিক সুযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৱে।

You might also like
Leave A Reply

Your email address will not be published.