১৩,১৪ আৰু ১৫ নৱেম্বৰত ৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

১৩,১৪ আৰু ১৫ নৱেম্বৰত ৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

গুৱাহাটী , ৬ নৱেম্বৰঃ  বিগত তিনি বছৰৰ দৰে এইবেলিও অহা ১৩,১৪আৰু ১৫ নৱেম্বৰত শুক্ৰবাৰ, শনিবাৰ আৰু ৰবিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিৰ ফণীধৰ দত্ত সভাগৃহত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত ৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অইন বেলিৰ দৰে এই বেলিও এই তিনি দিনীয়া সাহিত্য উৎসৱত মূল ভাষণ , আলোচনা সত্ৰ , কৰ্মশালা , গ্ৰন্থমেলা, বহু ভাষিক কবি সন্মিলন আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ সমাহাৰ ঘটিব।

Related Posts

৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সম্পাদক বিক্ৰম কলিতাই জনোৱা মতে উৎসৱৰ প্ৰথম দিনা মূল বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য অৱসৰী লেফটেণেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই আদৰণী ভাষণ প্ৰদান কৰিব লগা উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক সু – সাহিত্যিক কৰবী ডেকা হাজৰিকাই ।

১৩,১৪ আৰু ১৫ নৱেম্বৰত ৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ
উদ্বোধনী সত্ৰ আৰু সামৰণী সত্ৰৰ বাহিৰেও ৬টাকৈ সমাজ, ইতিহাস, পৰিবেশ, সাহিত্য, চলচ্চিত্ৰ আদি বিভিন্ন বিষয়ৰ ওপৰত হ’বলগীয়া আলোচনা সত্ৰত অসমৰ বিভিন্ন লেখক-লেখিকা গৱেষক তথা সাহিত্যিকে অংশ গ্ৰহণ কৰিব। উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ১৫ নৱেম্বৰৰ দিনা চিত্ৰাংকন প্ৰতিযোগিতা আৰু আবৃত্তিৰ কৰ্মশালা আয়োজন কৰা হৈছে। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব অসমৰ স্বনামধন্য আবৃত্তিকাৰ অৱনী বৰা।

সাহিত্য উৎসৱ উদ্‌যাপন সমিতিয়ে জনোৱা মতে ১৩ আৰু ১৪ নৱেম্বৰ সন্ধিয়া উদীয়মান কবি সকলক নিজৰ স্বৰচিত কবিতা পাঠ কৰাৰ সুযোগ দিয়াৰ বাবে ‘কাব্য কাবেৰী ‘ শীৰ্ষক কবিতাৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আনহাতে ,সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব নাগালেণ্ডৰ উচ্চ শিক্ষামন্ত্ৰী টেনজেম ইমনা আলং, বিশিষ্ট নাট্যকাৰ অধ্যাপক পোণা মহন্ত আৰু ইণ্ডিয়া টুডেৰ আলোচনীৰ মেনেজিং এডিটৰ তথা ইণ্ডিয়া টুডে এন ই ৰ সম্পাদক কৌশিক ডেকা উপস্থিত থাকিব। উল্লেখযোগ্য যে এইবেলিও সামৰণি অনুষ্ঠানত দুগৰাকী সাহিত্যিকক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁ‌টা আৰু প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁ‌টা(যুৱ) প্ৰদান কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

You might also like
Leave A Reply

Your email address will not be published.