বিদ্যুৎ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ
গুৱাহাটী: ৰাজ্যত বিদ্যুৎ মাচুল বৃদ্ধিক লৈ সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ বিদ্যুৎ উৎপাদন আৰু ক্ৰয়ৰ ক্ষেত্ৰতো পৰিছে। সেয়ে বিদ্যুৎ ক্ৰয়ৰ ব্যয় বৃদ্ধি পোৱাত সামান্য পৰিমাণে মাচুল বৃদ্ধি কৰিবলগীয়া হৈছে।
মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, পূৰ্বতে যদি প্ৰতি ইউনিট বিদ্যুৎ ১ টকাত ক্ৰয় কৰিব পৰা গৈছিল, এতিয়া তাৰ বাবে ১.২০ টকা ব্যয় কৰিবলগীয়া হৈছে। পশ্চিম এছিয়াৰ অশান্ত পৰিস্থিতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১৫ ডলাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে তেওঁ।
তথাপিও চৰকাৰে গ্ৰাহকৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব বিচৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিদ্যুৎ মাচুল সৰ্বাধিক ৪ৰ পৰা ৫ পইচাহে বৃদ্ধি পাব পাৰে। এই বৃদ্ধি স্থায়ী নহ’ব, বৰঞ্চ মাত্ৰ তিনি মাহৰ বাবেহে প্ৰযোজ্য হ’ব। বিদ্যুৎ ক্ৰয়ৰ ক্ষেত্ৰত হোৱা অতিৰিক্ত ব্যয় বা লোকচান পূৰণ হ’লেই এই অতিৰিক্ত মাচুল প্ৰত্যাহাৰ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে।
উল্লেখ্য যে, ইন্ধন আৰু শক্তি ক্ৰয় ব্যৱস্থা সুস্থিৰ কৰাৰ নামত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ গ্ৰাহকৰ পৰা ১৫৫.৫৯ কোটি টকা সংগ্ৰহ কৰাৰ সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। বিদ্যুৎ মাচুল বৃদ্ধিৰ এই প্ৰস্তাৱক লৈ সাধাৰণ গ্ৰাহকৰ মাজত অসন্তুষ্টি বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
