ASSAM | Guwahati DCP Sambhavi Mishra transferred to Silchar: গুৱাহাটী আৰক্ষীৰ ডিচিপি সম্ভাৱী মিশ্ৰক শিলচৰলৈ বদলি

Guwahati DCP Sambhavi Mishra transferred to Silchar: গুৱাহাটী আৰক্ষীৰ ডিচিপি সম্ভাৱী মিশ্ৰক শিলচৰলৈ বদলি

গুৱাহাটী, ৩১ অক্টোবৰঃ অসম আৰক্ষীৰ প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক সালসলনি ঘটোৱা হৈছে। ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ পদত নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। এই ৰদবদলৰ ফলত গুৱাহাটী আৰক্ষীকে ধৰি ৰাজ্যৰ কেইবাটাও আৰক্ষী গোট আৰু বেটেলিয়নৰ নেতৃত্বত পৰিৱৰ্তন ঘটিব। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী আৰক্ষীৰ ডিচিপি সম্ভাৱী মিশ্ৰক ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে। তেওঁৰ স্থলাভিষিক্ত হ’ব আৰক্ষী একাডেমীৰ অধ্যক্ষ মৃণাল ডেকা। আনহাতে, ষষ্ঠ এপিবিএনৰ কমাণ্ডেণ্ট ড০ প্ৰদীপ শইকীয়াক এআইজিপি (প্ৰশাসন) হিচাপে নতুন দায়িত্ব প্ৰদান কৰা হৈছে।

ইফালে, লক্ষীপুৰৰ চিডিএছপি পৃথ্বীৰাজ ৰাজখোৱাক গুৱাহাটী আৰক্ষীৰ এডিচিপি (চেণ্ট্ৰেল) হিচাপে বদলি কৰা হৈছে। তেওঁৰ স্থানত গুৱাহাটী আৰক্ষীৰ এডিচিপি (চেণ্ট্ৰেল) ভিকু এল আচুমিক ২৮ নং এপিবিএনৰ দ্বিতীয় কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে, গুৱাহাটী আৰক্ষীৰ এচিপি পাৰ্থ প্ৰতীম দুৱৰাক প্ৰথম এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে বদলি কৰাৰ বিপৰীতে প্ৰথম কমাণ্ডো বেটেলিয়নৰ এগৰাকী ডিএছপিক গুৱাহাটী আৰক্ষীৰ এচিপি হিচাপে নতুন দায়িত্ব দিয়া হৈছে।

অসম আৰক্ষীৰ এই ব্যাপক প্ৰশাসনিক ৰদবদলে ৰাজ্যৰ আৰক্ষী বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত নতুন নেতৃত্বৰ সূচনা কৰিব। নতুন দায়িত্ব লাভ কৰা বিষয়াসকলে নিজ নিজ ক্ষেত্ৰত কেনেদৰে দায়িত্ব পালন কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

You might also like
Leave A Reply

Your email address will not be published.