Assam | 3 accused sentenced to life imprisonment in cow killing case: গো-হত্যাৰ গোচৰত ৩ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

Assam | 3 accused sentenced to life imprisonment in cow killing case: গো-হত্যাৰ গোচৰত ৩ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

 

গুজৰাট, ২৯ অক্টোবৰঃ গো হত্যাৰ এটা গোচৰত তিনিজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে গুজৰাটৰ গান্ধীনগৰ জিলাৰ কালোলৰ এখন ছেছন আদালতে। গোচৰটোৰ ৰায়দানৰ সময়ত আদালতে মনুস্মৃতি, বেদ আৰু ঋগ্বেদৰ উদ্ধৃতি দি গৰুৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্বৰ কথা উল্লেখ কৰে। লগতে আইন অনুসৰি শাস্তি প্ৰদান নকৰিলে সময়ৰ লগে লগে ‘গো-মাতা’ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব পাৰে বুলিও আদালতে কয়।

অতিৰিক্ত ছেছন ন্যায়াধীশ বি আৰ ৰাজপুতে অলপতে এই ৰায় প্ৰদান কৰে। গোচৰটোত প্ৰায় ২৭৭ কিলোগ্ৰাম গৰুৰ মাংস উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে দোষী সাব্যস্ত হোৱা তিনিওজনকে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে প্ৰতিজনৰ ওপৰত ২ লাখ টকাকৈ জৰিমনা আৰোপ কৰে। ইয়াৰ উপৰি আন এটা অপৰাধৰ অধীনত প্ৰতিজনক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকাকৈ জৰিমনা বিহে।

৭৬ পৃষ্ঠাৰ গুজৰাটী ভাষাত লিখা ৰায়টোত আদালতে গৰুৰ ধৰ্মীয় আৰু সামাজিক তাৎপৰ্যৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মনুস্মৃতিৰ প্ৰসংগ উল্লেখ কৰি গৰুক কেৱল এটা জন্তু হিচাপে নহয়, বৰঞ্চ সমাজ আৰু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ আধাৰ হিচাপে গণ্য কৰা হয় বুলি আদালতে উল্লেখ কৰে। আদালতে বেদ আৰু অন্যান্য হিন্দু ধৰ্মীয় গ্ৰন্থৰ প্ৰসংগও উত্থাপন কৰে।

অভিযোগ অনুসৰি, ২০২৪ চনৰ ২২ আগষ্টত গান্ধীনগৰ জিলাৰ কালোল তালুকাৰ এটা ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল। সেই সময়ত প্ৰায় ২৭৭ কিলোগ্ৰাম গো মাংস উদ্ধাৰ হোৱা বুলি গোচৰটোৰ তদন্তকাৰী পক্ষই দাবী কৰে। উদ্ধাৰ হোৱা মাংসৰ মূল্য প্ৰায় ৫৫,৪০০ টকা। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গৰু বধৰ বাবে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা কটাৰী, কুঠাৰ, ওজন জোখা যন্ত্ৰ, ৰছী আৰু বাহনো জব্দ কৰিছিল।

এই গোচৰটোত মুঠ ছজন লোকৰ নাম জড়িত আছিল। বিচাৰৰ অন্তত আদালতে তিনিজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আন দুজন অভিযুক্তক পৰ্যাপ্ত প্ৰমাণৰ অভাৱত সন্দেহৰ সুবিধা দি দোষমুক্ত ঘোষণা কৰা হয়। আন এজন অভিযুক্তৰ বিচাৰ চলি থকাৰ সময়তে মৃত্যু হৈছিল। এই ৰায়দানৰ জৰিয়তে আদালতে গোচৰটোৰ প্ৰমাণ, প্ৰযোজ্য আইন আৰু গৰুৰ সুৰক্ষাৰ প্ৰসংগত নিজৰ সিদ্ধান্ত প্ৰকাশ কৰিছে। মনুস্মৃতি আৰু বেদৰ উদ্ধৃতিৰে দিয়া আদালতৰ পৰ্যবেক্ষণেও এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.