গুৱাহাটী, ২৭ অক্টোবৰঃ যি ঘৰখনত কালি পৰ্যন্ত আছিল মৰম, স্নেহ আৰু হাঁহি-ধেমালি, আজি সেই ঘৰখনতে বিৰাজ কৰিছে শোকৰ নিস্তব্ধতা। পিতৃ-মাতৃ আৰু আইতাকক হেৰুৱাই অসহায় হৈ পৰিছে কণমানি দুটি সন্তান। গুৱাহাটীৰ বৰা ছাৰ্ভিছস্থিত হোটেল বিলাস ইনত সংঘটিত নৃশংস হ/ত্যা/কা/ণ্ডই নিমিষতে থানবান কৰি পেলালে এটা সুখৰ পৰিয়াল।
অভিযুক্ত ঘনকান্ত গগৈৰ গুলীত প্ৰাণ হেৰুৱালে দেৱৰ্ষি ঈষাণ ভৰালী, তেওঁৰ পত্নী ৰিণিকা ভৰালী আৰু আইতাক হেলেনা ভৰালীয়ে। এই ঘটনাত ভূদেৱ ভৰালী আৰু নাৰায়ণ দাস নামৰ আন দুজন লোকৰো মৃ/ত্যু হয়। মুঠ পাঁচগৰাকী লোকৰ মৃ/ত্যুৰ এই শোকাৱহ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হয়তো এতিয়াও অবুজ মনটোৱে বিচাৰি ফুৰিছে মৰমৰ পিতৃক, স্নেহময়ী মাতৃক আৰু মৰমৰ আইতাকক। কিন্তু সিহঁতৰ অপেক্ষাৰ অন্ত পেলাবলৈ সেই আপোন মানুহকেইজন আৰু কেতিয়াও উভতি নাহে।
ব্যৱসায়িক সংঘাতৰ পৰিণতিত সংঘটিত ঘটনাই দুটা নিষ্পাপ শিশুৰ জীৱনত যি গভীৰ শূন্যতা সৃষ্টি কৰিলে, সেয়া কোনোদিনে পূৰণ কৰিব পৰা নাযাব। গুলীৰ শব্দই মুহূৰ্ততে শেষ কৰি দিলে এখন সুখৰ সংসাৰ, এৰি গ’ল অশ্ৰুসিক্ত স্মৃতি আৰু দুটি কণমানি জীৱনৰ বুকুত আজীৱন কঢ়িয়াবলগীয়া বেদনা।