গুৱাহাটী, ২৫ অক্টোবৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বানত অহা ২৯ অক্টোবৰত অসমৰ প্ৰতিখন জিলা সদৰত মম্শিখা সমদল উলিওৱা হ’ব। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ মৃ/ত্যুৰ ঘটনাত দোষীসকলৰ শাস্তি নিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
আছুৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰা অনুসৰি, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসমবাসীয়ে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আহিছে। কিন্তু ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলৰ এজনৰ পিছত আনজন জামিন লাভ কৰাৰ ঘটনাই অসমৰ ৰাইজৰ লগতে লাখ লাখ জুবিন অনুৰাগীক হতাশ আৰু উদ্বিগ্ন কৰি তুলিছে।

জুবিন গাৰ্গৰ মৃ/ত্যুৰ ঘটনাত দোষীসকলৰ উপযুক্ত শাস্তি আৰু ন্যায় প্ৰদানৰ দাবীত আছুৱে গ্ৰহণ কৰা এই কাৰ্যসূচীত ৰাজ্যবাসীৰ ব্যাপক অংশগ্ৰহণৰ আহ্বান জনোৱা হৈছে। শিল্পীগৰাকীৰ ন্যায়ৰ প্ৰশ্নত অসমবাসীৰ আৱেগ, ক্ষোভ আৰু প্ৰত্যাশাক প্ৰতিফলিত কৰাৰ লক্ষ্যৰে জিলাই জিলাই এই মম্শিখা সমদল উলিওৱা হ’ব।