গুৱাহাটী, ২৪ অক্টোবৰঃ ভাৰতীয় ষ্টেট বেংকৰ সহযোগত স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’-এ আৰম্ভ কৰে ভিজিলেন্স সজাগতা অভিযান-২০২৬। এই অভিযানৰ অংশ হিচাপে আজি আমেৰিগোগৰ CRPF কেম্পত হিন্দী আৰু অসমীয়া উভয় ভাষাত এখন বাটৰ নাট পৰিৱেশন কৰা হয়। উল্লেখ্য যে এই অভিযানত ৰাজ্যখনৰ ভিন্ন জিলাত এলানি বাটৰ নাটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে। আজি নাটকৰ কলা-কুশলীক উচ্চ প্ৰশংসা কৰে উপস্থিত বিষয়া তথা দৰ্শকে।

ভাৰতীয় ষ্টেট বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য ভিজিলেন্স বিষয়া অজিত কুমাৰ ৰথ, SBIৰ গুৱাহাটী ক্ষেত্ৰৰ নেটৱৰ্ক মহাপ্ৰবন্ধক আব্ৰাহাম ছিলভা, মহাপ্ৰবন্ধক তথা অতিৰিক্ত মুখ্য ভিজিলেন্স বিষয়া বিক্ৰম ত্ৰিপাঠী, SBIৰ বাণিজ্য আৰু কাৰ্য্যকৰী উপ মহাপ্ৰবন্ধক সংগীঠা ভাস্কৰ এম, CRPFৰ গ্ৰুপ চেণ্টাৰৰ DIG অনিল কুমাৰ ধীয়ানি , CRPF গুৱাহাটীৰ ক্ষেত্ৰৰ DIG মহম্মদ জামাল খানসহ দুই শতাধিক জোৱান আৰু দৰ্শকৰ উপস্থিতিত নাটক পৰিৱেশিত হয়।