নিউজ ডেস্ক, ২৬ অক্টোবৰঃ উত্তৰ প্ৰদেশত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক কেন্দ্ৰ কৰি আজি সংঘটিত দুটা পৃথক ঘটনাই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। এফালে সুলতানপুৰলৈ গৈ থকা অৱস্থাত তেওঁৰ কনভয়ৰ পিছফালে থকা কেইবাখনো বাহন দুৰ্ঘটনাত পতিত হয়। আনফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ কৰা মন্তব্যৰ সৈতে জড়িত মানহানি গোচৰত আদালতে ৰাহুল গান্ধীক দোষমুক্ত ঘোষণা কৰে।
আজি পুৱা প্ৰায় ১০.১৫ বজাত উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত এই দুৰ্ঘটনা সংঘটিত হয়। লক্ষ্ণৌৰ পৰা চুলটানপুৰলৈ আদালতৰ শুনানিত উপস্থিত হ’বলৈ গৈ থকা সময়তে ৰাহুল গান্ধীৰ কনভয়ৰ পিছফালে চলি থকা কেইবাখনো বাহনৰ মাজত সংঘৰ্ষ হয়। আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, এখন বাহনে হঠাতে ব্ৰেক মাৰি দিয়াৰ ফলতে পিছফালৰ বাহনসমূহৰ মাজত খুন্দা লাগে। ঘটনাটোত কংগ্ৰেছৰ কৰ্মী আৰু নিৰাপত্তাৰক্ষীকে ধৰি কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে, ৰাহুল গান্ধী সুৰক্ষিত থকা বুলি প্ৰকাশ পাইছে।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ, নিৰাপত্তা ব্যৱস্থাত কোনো গাফিলতি হৈছিল নেকি আৰু যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ত্ৰুটি আছিল নেকি, সেই দিশসমূহ তদন্তৰ আওতালৈ আনিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ঘটনাটোৰ সৈতে জড়িত সকলো দিশ পৰীক্ষা কৰি চাবলৈ বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে।
ইফালে, চুলটানপুৰৰ বিশেষ এমপি-এমএলএ আদালতে ২০১৮ চনত অমিত শ্বাহক লৈ কৰা মন্তব্যৰ সৈতে জড়িত মানহানি গোচৰত ৰাহুল গান্ধীক দোষমুক্ত ঘোষণা কৰে। এই গোচৰটোৰ অভিযোগকাৰী আছিল বিজেপি নেতা বিজয় মিশ্ৰ। অভিযোগ অনুসৰি, বাংগালুৰুত দিয়া এটা ভাষণত ৰাহুল গান্ধীয়ে তদানীন্তন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। এই মন্তব্যক কেন্দ্ৰ কৰিয়েই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল।
দীৰ্ঘদিন ধৰি চলি থকা গোচৰটোৰ শুনানিৰ অন্তত আজি আদালতে ৰাহুল গান্ধীৰ পক্ষত ৰায় দিয়ে। ৰায় ঘোষণাৰ সময়ত তেওঁ আদালতত উপস্থিত আছিল। আদালতৰ এই সিদ্ধান্তৰ পিছতে চৌহদৰ বাহিৰত কংগ্ৰেছ কৰ্মীসকলৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাহুল গান্ধীৰ কনভয়ৰ দুৰ্ঘটনা আৰু মানহানি গোচৰত আদালতৰ ৰায়—একেদিনাই সংঘটিত এই দুটা ঘটনাই দেশৰ ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে।