ASSAM |High Court rules on contract employees : ঠিকাভিত্তিক কৰ্মচাৰীক লৈ ডাঙৰ ৰায় উচ্চ ন্যায়ালয়ৰ

ঠিকাভিত্তিক কৰ্মচাৰীক লৈ ডাঙৰ ৰায় উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ   ঠিকাভিত্তিক কৰ্মচাৰীক লৈ ডাঙৰ ৰায় প্ৰদান কৰিছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে। ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক সহকাৰী প্লেচমেণ্ট বিষয়া (Assistant Placement Officer) হিচাপে পুনৰ নিযুক্তি আৰু নিয়মীয়াকৰণৰ নিৰ্দেশ দিছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে। আদালতে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ প্ৰদান কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি, কৰ্মচাৰীগৰাকীয়ে প্ৰায় ১৫ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছতো কেৱল তেওঁৰ প্ৰাৰম্ভিক নিযুক্তি ঠিকাভিত্তিক আছিল বুলিয়েই সেই দীৰ্ঘদিনীয়া সেৱাক উপেক্ষা কৰিব নোৱাৰি বুলি আদালতে উল্লেখ কৰে।

ASSAM |High Court rules on contract employees : ঠিকাভিত্তিক কৰ্মচাৰীক লৈ ডাঙৰ ৰায় উচ্চ ন্যায়ালয়ৰ
উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এম এছ ৰামচন্দ্ৰ ৰাও আৰু ন্যায়াধীশ বিশ্বজিৎ পালিতক লৈ গঠিত খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে।

আদালতৰ এই নিৰ্দেশে ঠিকাভিত্তিক কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সেৱা আৰু চাকৰি নিয়মীয়াকৰণৰ অধিকাৰক লৈ এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। বিশেষকৈ, দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানৰ বাবে সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ নিযুক্তিৰ স্থিতি বিচাৰ কৰাৰ ক্ষেত্ৰত এই ৰায়ৰ তাৎপৰ্য আছে।

You might also like
Leave A Reply

Your email address will not be published.