ASSAM | Three agriculture officers lost their jobs : চাকৰি গ’ল তিনি কৃষি বিষয়াৰ

Three agriculture officers lost their jobs : চাকৰি গ'ল তিনি কৃষি বিষয়াৰ

বৰপেটা, ৩১ অক্টোবৰঃ কৃষকক যোগান ধৰা সাৰ আৱণ্টন আৰু বিতৰণ প্ৰক্ৰিয়াত সংঘটিত অনিয়মৰ অভিযোগত বৰপেটা জিলা কৃষি বিভাগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই অভিযোগৰ ভিত্তিত বিভাগীয় তদন্তৰ অন্তত দুজন পৰিদৰ্শকসহ মুঠ তিনিজন বিষয়া-কৰ্মচাৰীক নিলম্বন কৰা হৈছে। নিলম্বিত বিষয়া-কৰ্মচাৰীকেইজন হৈছে কৃষি পৰিদৰ্শক দিলীপ কুমাৰ মিশ্ৰ, প্ৰদীপ কুমাৰ ডেকা আৰু জ্যেষ্ঠ সহায়ক অজিত স্বৰ্গীয়াৰী।

বৰপেটা জিলা কৃষি বিষয়া নজৰুল ইছলামে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, সাৰ আৱণ্টন প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে কৃষি সঞ্চালকৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযোগৰ গুৰুত্ব উপলব্ধি কৰি বিভাগীয়ভাৱে তদন্ত আৰম্ভ কৰা হয়। তদন্তত সংশ্লিষ্ট তিনিওজন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিভিন্ন তথ্য-প্ৰমাণ লাভ কৰাৰ পিছতে তেওঁলোকক নিলম্বনৰ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে নিলম্বিত তিনিওজন বিষয়া-কৰ্মচাৰী সাৰ বিতৰণ ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। সাৰ বিক্ৰী প্ৰতিষ্ঠানসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানসমূহলৈ আৱণ্টিত সাৰৰ পৰিমাণ নিৰ্ধাৰণৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বও তেওঁলোকৰ ওপৰত ন্যস্ত আছিল।

কৃষকৰ বাবে আবণ্টিত সাৰ বিতৰণক লৈ উত্থাপিত অনিয়মৰ অভিযোগৰ পিছতে বৰপেটা কৃষি বিভাগে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপে জিলাখনত বিশেষ চৰ্চা লাভ কৰিছে। এতিয়া বিভাগীয় তদন্তৰ পৰৱৰ্তী পদক্ষেপ আৰু সাৰ বিতৰণ ব্যৱস্থাত স্বচ্ছতা কিমানদূৰ নিশ্চিত হয়, সেয়া লক্ষণীয় হ’ব।

You might also like
Leave A Reply

Your email address will not be published.