মৰিগাঁও, ৩১ অক্টোবৰঃ মৰিগাঁও জিলাৰ ধৰমতুলৰ বঙালধৰাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে এগৰাকী গৃহৰক্ষী জোৱানে। ৰাজ্যপালৰ নিৰাপত্তাৰ ডিউটিত নিয়োজিত হৈ থকা সময়তে AS-02-AN-0722 নম্বৰৰ এখন মাৰুতি ইকো বাহনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় জোৱান জিতুমণি কলিতা।
জানিব পৰা মতে, মৰিগাঁৱৰ ধৰমতুলৰ বঙালধৰা ৰাষ্ট্ৰীয় ঘাইপথত কৰ্তব্য পালন কৰি থকা অৱস্থাত তীব্ৰবেগী ইকো বাহনখনে জোৱানজনক খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হোৱা জিতুমণি কলিতাক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কৰ্তব্যৰত অৱস্থাতে এগৰাকী গৃহৰক্ষী জোৱানৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য।