গুৱাহাটী, ৬ নৱেম্বৰ: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মীন বিভাগৰ সহযোগত ৰাজ্যৰ প্ৰাকৃতিক জলাশয় আৰু বিলৰ মহলদাৰসকলৰ সৈতে এক উচ্চস্তৰীয় যৌথ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে।
বৈঠকত ভাষণে দি মন্ত্ৰী হাজৰীকাই ৰাজ্যৰ প্ৰাকৃতিক জলাশয় আৰু বিলসমূহত প্ৰায়োগিকভাৱে মাখানা খেতি আৰম্ভ কৰাৰ এক বিশেষ উদ্যোগৰ কথা ঘোষণা কৰে। ইতিমধ্যে ৰাজ্যৰ ৭-৮ খন বিলত মাখানা খেতি সফলভাৱে চলাই থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মীন পালকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে এই খেতি অন্য বিলসমূহলৈকো সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে বিলসমূহৰ পৰা মেটেকা পৰিষ্কাৰ কৰিবলৈ তেওঁ মহলদাৰসকলক আহ্বান জনায় কাৰণ পৰিষ্কাৰ পানী মাছ আৰু মাখানা খেতি উভয়ৰে বাবে অত্যন্ত জৰুৰী।
ইফালে, ৰাজ্যৰ বিলসমূহ সুৰক্ষিত কৰাৰ দায়িত্ব জলসম্পদ বিভাগক অৰ্পণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
এই খেতিৰ বিপুল অৰ্থনৈতিক সম্ভাৱনীয়তাৰ বিষয়ে ব্যাখ্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে মাত্ৰ ২৫ বিঘা মাটিৰ এখন বিলৰ পৰা মাখানা খেতিৰ জৰিয়তে বাৰ্ষিক ২৫ লাখ টকালৈকে উপাৰ্জন কৰিব পৰা যায়। প্ৰথম পৰ্যায়ত অসম মীন উন্নয়ন নিগমৰ অধীনস্থ ১৮৬ খন মীন পামৰ ৩০ শতাংশ বিলত মাখানা খেতিৰ এই পৰীক্ষামূলক প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। মৎস্যজিৱী সম্প্ৰদায় আৰু মীন পালকসকলক মাখানা খেতিৰ অৰ্থনৈতিক দিশটোৰ বিষয়ে সচেতন কৰি তোলাৰ ওপৰত গুৰুত্ত্ব প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে আগ্ৰহী খেতিয়কসকলক চৰকাৰৰ তৰফৰ পৰা যাৱতীয় প্ৰশিক্ষণ আৰু সাহায্য আগবঢ়োৱা হ’ব।
কৃষি বিভাগৰ ভৱিষ্যত পৰিকল্পনাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে কৃষি বিভাগে সমগ্ৰ অসমজুৰি ৩০,০০০ হেক্টৰ কৃষিভূমিত মাখানা খেতি কৰাৰ এক বৃহৎ লক্ষ্য লৈছে, য’ত মীন বিভাগে এক ডাঙৰ ভূমিকা পালন কৰিব লাগিব। মাখানাক বৰ্তমান বিশ্ববজাৰত এক ‘ছুপাৰ ফুড’ হিচাপে গণ্য কৰা হয় আৰু পাশ্চাত্য দেশসমূহত ইয়াৰ ব্যাপক চাহিদা আছে। ইয়াৰ উপৰিও, বিলসমূহত নিয়মিতভাৱে মাছৰ পোনা মেলি নিদিলে বিলসমূহ জীৱন্ত হৈ নাথাকে আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল মৎস্যজিৱী সকলৰ জীৱিকা সংকটত পৰিব বুলিও তেওঁ মন্তব্য কৰে।
আজিৰ এই বৈঠকত মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে কৃষি আৰু মীন বিভাগৰ বহুসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।