আমগুৰি, ৮ নৱেম্বৰঃ উজনি অসমৰ বাসিন্দাসকলক সামাজিক মাধ্যমত অপমানজনক মন্তব্য কৰি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল দুই তথাকথিত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। ধিমান ৰায় চৌধুৰী আৰু পিংগল প্ৰত্যুষ সিং নামৰ দুই যুৱকক আমগুৰি আৰক্ষীয়ে আটক কৰা ঘটনাই অঞ্চলটোত ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে সামাজিক মাধ্যমত নিজকে ইনফ্লুৱেঞ্চাৰ বুলি পৰিচয় দিয়া দুই যুৱকে উজনি অসমৰ বাসিন্দাসকলক লক্ষ্য কৰি অপমানজনক মন্তব্য আগবঢ়াইছিল। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
উজনি অসমবাসীক অপমান কৰাৰ অভিযোগত অসমীয়া যুৱ মঞ্চই দুই যুৱকৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত যোৱা কালি আমগুৰি আৰক্ষীয়ে ধিমান ৰায় চৌধুৰী আৰু পিংগল প্ৰত্যুষ সিঙক আটক কৰে।
ইয়াৰ পিছতে দুই যুৱকে অসমীয়া যুৱ মঞ্চৰ লগতে সমগ্ৰ উজনি অসমবাসীৰ ওচৰত নিজৰ মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে। লগতে ভৱিষ্যতে এনে ধৰণৰ ভুল পুনৰ নকৰাৰ লিখিত প্ৰতিশ্ৰুতিও আমগুৰি আৰক্ষী থানাত প্ৰদান কৰে বুলি জানিব পৰা গৈছে। সামাজিক মাধ্যমত মত প্ৰকাশৰ স্বাধীনতাৰ নামত কোনো ব্যক্তি বা অঞ্চলৰ ৰাইজক অপমান কৰা উচিত নহয় বুলি এই ঘটনাই পুনৰ চৰ্চাৰ বিষয় কৰি তুলিছে।