Prime Minister Narendra Modi celebrates Diwali with security personnel in Bastar: বস্তাৰত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

বস্তাৰ, ৮ নৱেম্বৰ: ছত্তীশগড়ৰ বস্তাৰত নিৰাপত্তাৰক্ষীৰ সৈতে এইবাৰ দীপাৱলী উদযাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰণপুৰস্থিত চিআৰপিএফৰ শিবিৰত উপস্থিত হৈ জোৱানসকলৰ সৈতে উৎসৱ উদযাপন কৰাৰ লগতে তেওঁলোকক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাষণত মোদীয়ে কয় যে নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ বিৰুদ্ধে দেশৰ দশকজোৰা যুঁজত লাভ কৰা সফলতাৰ বাবে এইবাৰৰ দীপাৱলী বিশেষ তাৎপৰ্যপূৰ্ণ। এসময়ত দেশৰ প্ৰায় ২০খন ৰাজ্যৰ ২৩০টাতকৈও অধিক জিলা নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত আছিল যদিও বৰ্তমান পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত এবছৰত ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কৰ্তব্যৰত অৱস্থাত এজনো চিআৰপিএফ জোৱানে প্ৰাণ হেৰুওৱা নাই। এই সফলতাৰ বাবে নিৰাপত্তাৰক্ষীসকলৰ সাহস, ত্যাগ আৰু নিষ্ঠাৰ শলাগ লয় তেওঁ। চিআৰপিএফ, কোব্ৰা, বিএছএফ, আইটিবিপি, এছএছবি, ৰাজ্যিক আৰক্ষী আৰু বস্তাৰ ফাইটাৰ্ছকে ধৰি সকলো নিৰাপত্তা বাহিনীৰ অৱদানক বিশেষভাৱে প্ৰশংসা কৰে।

Related Posts

মোদীয়ে কয় যে চৰকাৰৰ প্ৰচেষ্টাত নক্সালবাদ প্ৰভাৱিত অঞ্চলসমূহত শান্তি আৰু উন্নয়নৰ পৰিৱেশ গঢ় লৈ উঠিছে। বিগত ১২ বছৰত দেশখনে নক্সালবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে যুঁজৰ লগতে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

দীপাৱলীৰ এই বিশেষ ক্ষণত নিৰাপত্তাৰক্ষীসকলৰ সৈতে সময় অতিবাহিত কৰি দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে তেওঁলোকৰ অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

You might also like
Leave A Reply

Your email address will not be published.