শতবৰ্ষত পদাৰ্পণ বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানীৰ

শতবৰ্ষত পদাৰ্পণ বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানীৰ

বিজেপিৰ উত্থান-ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনাৰ প্ৰসাৰত আদৱানীৰ অৱদান অতুলনীয় : দিলীপ শইকীয়া

গুৱাহাটী, ৮ নৱেম্বৰঃ বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰবীণ ৰাজনীতিবিদ তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আৰু ভাৰতৰত্ন লালকৃষ্ণ আদৱানীয়ে আজি শতবৰ্ষীয় জন্মবৰ্ষত পদাৰ্পণ কৰে। ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাপে পৰিচিত আদৱানীৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ বিজেপিয়ে তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। দলটোৰ উত্থান, সাংগঠনিক ভেটি শক্তিশালী কৰা আৰু ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনাৰ প্ৰসাৰত তেওঁৰ অৱদানক দলটোৱে অতুলনীয় আৰু চিৰস্মৰণীয় বুলি অভিহিত কৰিছে।

Related Posts

ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আদৱানীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিৰ উত্থান আৰু ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনাৰ প্ৰসাৰত তেওঁৰ অৱদান অতুলনীয়। দেশমাতৃৰ সেৱাত উৎসৰ্গিত তেওঁৰ জীৱন আৰু আদৰ্শ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ বাবে চিৰন্তন প্ৰেৰণাৰ উৎস হৈ থাকিব।

সভাপতিগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনা, আদৰ্শনিষ্ঠ ৰাজনীতি, সাংগঠনিক দক্ষতা আৰু দেশৰ প্ৰতি অকৃত্ৰিম সেৱাৰ মনোভাৱেৰে আদৱানীয়ে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এক সুকীয়া স্থান অধিকাৰ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা, বিকাশ আৰু সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। তেওঁৰ জীৱন আৰু কৰ্মই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দেশসেৱা, নিষ্ঠা আৰু আদৰ্শৰ ৰাজনীতিৰ বাবে অনুপ্ৰেৰণা যোগাই যাব বুলিও দিলীপ শইকীয়াই মন্তব্য কৰে।

সামগ্ৰিকভাৱে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা, সাংগঠনিক বিস্তাৰ, ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনাৰ প্ৰসাৰ আৰু দেশৰ ৰাজনীতিত দলটোক এক শক্তিশালী স্থানলৈ লৈ যোৱাৰ ক্ষেত্ৰত লালকৃষ্ণ আদৱানীৰ ভূমিকা স্মৰণ কৰি তেওঁৰ শতবৰ্ষীয় জন্মদিনত অসম প্ৰদেশ বিজেপিয়ে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.