ঐতিহাসিক চৰাবড়ী কালী মন্দিৰত লোকনিৰ্মাণ বিভাগৰ নৱনিযুক্ত আয়ুক্ত-বিশেষ সচিব দেৱজিৎ দাস
হাজো, ৮ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক চৰাবড়ীতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৮ সংখ্যক শ্ৰীশ্ৰী মা কালী পূজা মহোৎসৱ। পূজা মহোৎসৱক কেন্দ্ৰ কৰি উখল-মাখল হৈ পৰিছে সমগ্ৰ চৰাবড়ী অঞ্চল।
পুৱাৰে পৰা ঐতিহাসিক শ্ৰীশ্ৰী মা কালী মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হৈছে। দূৰ-দূৰণিৰ পৰা অহা অগণন ভক্তই ধূপ-ধূণা, নৈবেদ্য আগবঢ়াই মা কালীৰ শ্ৰীচৰণত সেৱা জনাইছে। মা কালীৰ ওচৰত সেৱা আগবঢ়ালে মনৰ আশা পূৰণ হয় বুলি থকা লোকবিশ্বাসৰ বাবেও প্ৰতিবছৰে এই পূজা মহোৎসৱত ভক্তৰ সমাগম ঘটে।
ইয়াৰ মাজতে ঐতিহাসিক চৰাবড়ী শ্ৰীশ্ৰী মা কালী মন্দিৰত উপস্থিত হৈ সেৱা আগবঢ়ায় লোক নিৰ্মাণ বিভাগৰ নৱনিযুক্ত আয়ুক্ত আৰু বিশেষ সচিব দেৱজিৎ দাসে।
৩৮ সংখ্যক এই পূজা মহোৎসৱ উপলক্ষে মন্দিৰ চৌহদত সৃষ্টি হৈছে এক ভক্তিময় পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰে ভৰি পৰিছে মন্দিৰ প্ৰাংগণ। ভক্তি, আধ্যাত্মিকতা আৰু উৎসাহ-উদ্দীপনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ হাজোৰ চৰাবড়ী অঞ্চল।