পথ দু/ৰ্ঘ/ট/নাত প্ৰাণ গ’ল ১০ জনৰ
উত্তৰ প্ৰদেশ, ৯ নৱেম্বৰঃ উত্তৰ প্ৰদেশত সোমবাৰে সংঘটিত তিনিটাকৈ ভয়াৱহ পথ দু/ৰ্ঘ/ট/না/ই জোকাৰি গ’ল ৰাজ্যখন। লক্ষ্ণৌ, মুজাফৰনগৰ আৰু চিত্ৰকূটত সংঘটিত দুৰ্ঘটনাত মুঠ ১০জন লোকৰ মৃ/ত্যু হোৱাৰ বিপৰীতে আহত হৈছে অৰ্ধশতাধিক।
মুজাফৰনগৰৰ তিতাৱী থানা এলেকাত পুৱতি নিশা এখন তীব্ৰবেগী বাহনে ডিভাইডাৰ আৰু বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতে জুই লাগে। নিমিষতে বাহনখন অ/গ্নি কুণ্ডত পৰিণত হোৱাত ভিতৰত থকা ছজন আৰোহীৰ জীৱন্তে অ/গ্নি/দ/গ্ধ হৈ মৃ/ত্যু হয়। বাহনখন হাৰিয়ানাৰ পৰা হৰিদ্বাৰ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, লক্ষ্ণৌৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত যাত্ৰীবাহী এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত প্ৰায় ৩৫ৰ পৰা ৪৫জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।