কংগ্ৰেছক ৫০ বছৰৰ গেৰাণ্টি মুখ্য়মন্ত্ৰীৰ, পিছে কিহৰ গেৰাণ্টি?

কংগ্ৰেছক ৫০ বছৰৰ গেৰাণ্টি মুখ্য়মন্ত্ৰীৰ, পিছে কিহৰ গেৰাণ্টি?

নগাঁও, ৯ নৱেম্বৰঃ  কংগ্ৰেছক তীব্ৰ আক্ৰমণ বিজেপি নেতাৰ। পৰৱৰ্তী ৫০ বছৰলৈ কংগ্ৰেছ অসমত শাসনলৈ আহিব পাৰিব বুলি কোনো নিশ্চয়তা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নগাঁও জিলাৰ নিৰ্বাচনী ফলাফলৰ প্ৰসংগ টানি তেওঁ কয় যে ৰাইজে ৰকিবুল হুছেইন, আছিফ নজৰকে ধৰি কংগ্ৰেছৰ নেতাসকলক বিদায় দিছে। কংগ্ৰেছৰ নগাঁৱৰ নেতাসকলক ৰাইজে বিচৰা নাই বুলিও মন্তব্য কৰে তেওঁ।

লাহৰীঘাট আৰু চামগুৰিত বিজেপি দ্বিতীয় স্থানত থকাৰ কথা উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে বিজেপি এটা কৃতজ্ঞ ৰাজনৈতিক দল। চৰকাৰে প্ৰতিশ্ৰুতি দিয়াতকৈ অধিক কাম কৰি দেখুৱাব। কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতি আৰু অপশাসনৰ অভিযোগ উত্থাপন কৰি তেওঁ লগতে কয় যে কংগ্ৰেছে এতিয়া উন্নয়নমূলক কাম কৰিবলৈ সক্ষম নহয়। মুখ্যমন্ত্ৰীয়ে কয় যে, পূৰ্বে তেওঁ ২৫ বছৰ কংগ্ৰেছ শাসনলৈ নাহে বুলি কৈছিল। কিন্তু নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনত কংগ্ৰেছ তৃতীয় স্থানত থকাত এইবাৰ ৫০ বছৰলৈ দলটো শাসনত অহাৰ গেৰাণ্টি নাই বুলি কয় মুখ্য়মন্ত্ৰীয়ে।

Related Posts

কংগ্ৰেছক ৫০ বছৰৰ গেৰাণ্টি মুখ্য়মন্ত্ৰীৰ, পিছে কিহৰ গেৰাণ্টি?
আনহাতে, মৰিগাঁও আৰু দৰং জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাটো তেওঁৰ পৰৱৰ্তী লক্ষ্য বুলিও ঘোষণা কৰে।

উচ্ছেদ অভিযান সন্দৰ্ভতো নিজৰ স্থিতি স্পষ্ট কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয় যে বনভূমি আৰু অবৈধভাৱে দখল কৰা ভূমিত চৰকাৰে উচ্ছেদ চলাব। উচ্ছেদৰ ক্ষেত্ৰত জাতি-ধৰ্মৰ কোনো ভেদাভেদ কৰা নহয়। হিন্দু-মুছলমান নিৰ্বিশেষে বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিৱসাগৰতো উচ্ছেদ অভিযান চলি থকাৰ কথা উল্লেখ কৰে তেওঁ।

এজন ব্যক্তিয়ে ৫০০-৬০০ বিঘা মাটি দখল কৰি ৰাখিলে চৰকাৰে উচ্ছেদ চলাবই বুলি স্পষ্ট কৰি তেওঁ কয় যে প্ৰকৃত ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰাত চৰকাৰৰ কোনো আপত্তি নাই। কংগ্ৰেছে যদি এই লোকসকলৰ প্ৰতি ইমানেই দৰদ দেখুৱাইছিল, তেন্তে কংগ্ৰেছৰ চৰকাৰৰ দিনতে মিছন বসুন্ধৰাৰ জৰিয়তে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰিব লাগিছিল বুলিও কটাক্ষ কৰে ড০ শৰ্মাই।

You might also like
Leave A Reply

Your email address will not be published.