কাইলৈ গুৱাহাটীত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশন

কাইলৈ গুৱাহাটীত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশন

শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ বিভিন্ন সমস্যাৰ ওপৰত হ’ব আলোচনা*

Related Posts

গুৱাহাটী, ১০ নৱেম্বৰঃ  গুৱাহাটী মহানগৰীৰ চান্দমাৰীত অৱস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত কাইলৈ অনুষ্ঠিত হ’ব অসমৰ বাৰটা শিক্ষক সংগঠনৰ একত্ৰিত সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৃতীয় দ্বি -বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ’ব । অধিৱেশনৰ উপলক্ষে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ অংশগ্ৰহণ কৰিব ।

মঞ্চৰ বিষয়ববীয়া, সদস্য, সদস্যা উপৰিও প্ৰতিটো শিক্ষক সংগঠনৰ পাঁচজনকৈ প্ৰতিনিধি অধিৱেশনত অংশগ্ৰহণ কৰিব । মঞ্চৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে বিভিন্ন শিক্ষক সংগঠনৰ দৰ্শক প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰিব । ৰাজ্যখনৰ শিক্ষাৰ্থী, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিক্ষক মঞ্চই ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰিব এই অধিৱেশনত । প্ৰাথমিক স্তৰৰ পৰা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ ওপৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত আস্থা আৰু বিশ্বাস কিদৰে অটুট ৰাখিব পাৰি তাৰ চৰ্চা কৰা হ’ব ।

কাইলৈ গুৱাহাটীত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশন
বিদ্যালয় একত্ৰিকৰণৰ জড়িয়তে বিদ্যালয় বিলুপ্তিকৰণৰ , ছাত্ৰ – ছাত্ৰীৰ সমসাজৰ মানদণ্ড, শিক্ষকক বিদ্যালয়ৰ আন্তঃগাঁথনি, মধ্যহ্ন ভোজন আঁচনিত ঠিকাদাৰ হিচাপে ব্যৱহাৰ কৰা , শিক্ষকৰ পদোন্নতিৰ, শিক্ষকৰ শ্ৰেণীৰ বিভাজন হ্ৰাস কৰা , শিক্ষাসেতুৰ বাবে সকলো শিক্ষানুষ্ঠানত সকলো চৰকাৰী কাম কাজ কৰিব পৰা নতুন টেবলেটৰ যোগান ধৰা , বিদ্যালয় প্ৰধান নিযুক্তি দিয়া , খালী পদত নিযুক্তি দিয়া , বিশেষ আৰু আৰ্জিত ছুটী আন কৰ্মচাৰীৰ সমানে প্ৰদান কৰা , প্ৰাথমিক স্তৰত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা , পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা, টেট্ শিক্ষকৰ সমস্যা সমাধান কৰা, সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ আসোঁৱাহ নিৰাময় কৰি অষ্টম দৰমহা আয়োগত শিক্ষকক বিশেষ মৰ্যাদা সম্পন্ন সেৱা হিচাপে স্বীকৃতি দিয়া, প্ৰাথমিক স্তৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্ত দিয়া, প্ৰতি মাহত শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰা আৰু বছৰত এবাৰ শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা আদি সমস্যা সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হ’ব । লগতে বিষয় বাচনি সভাও অনুষ্ঠিত হ’ব বুলি আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে ।
You might also like
Leave A Reply

Your email address will not be published.