আজিৰ পৰা কিহৰ দাম কমিল?

আজিৰ পৰা কিহৰ দাম কমিল?

নতুন দিল্লী, ৯ নৱেম্বৰঃ  কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বৃহৎ সকাহ। আজিৰে পৰা কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ দাম ৯৬.৪৫ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে ১৩৭ বিধ কৰ্কট ৰোগৰ ঔষধৰ ওপৰত বাণিজ্যিক মুনাফাৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছতে এই মূল্য হ্ৰাস কাৰ্যকৰী হৈছে।

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৯ নৱেম্বৰলৈকে ৮৫টা ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ১২১ বিধ ঔষধৰ ১,৩৬৬টা ফৰ্মুলেচনৰ সংশোধিত সৰ্বোচ্চ খুচুৰা মূল্য ঘোষণা কৰিছে। ইয়াৰে ৬৭৯টা ব্ৰেণ্ডৰ ঔষধৰ দাম ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। সৰ্বাধিক মূল্য হ্ৰাসৰ পৰিমাণ হৈছে ৯৬.৪৫ শতাংশ।

উল্লেখ্য যে, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ দ্বাৰা গঠিত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০২৬ চনৰ ১৭ অক্টোবৰত সমিতিখনে নিজৰ পৰামৰ্শ দাখিল কৰিছিল। তাৰ ভিত্তিতে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে ঔষধসমূহৰ বাণিজ্যিক মুনাফাৰ সীমা নিৰ্ধাৰণ কৰে।

Related Posts

মন্ত্ৰালয়ৰ হিচাপ অনুসৰি, ঔষধৰ সংশোধিত মূল্যৰ ফলত গ্ৰাহকৰ বছৰি প্ৰায় ৩,৫৪০.৩৮ কোটি টকা ৰাহি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ দীৰ্ঘদিন ধৰি ব্যয়বহুল কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি অহা পৰিয়ালসমূহৰ বাবে এই সিদ্ধান্ত যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে।

আজিৰ পৰা কিহৰ দাম কমিল?
আনহাতে, সংশোধিত মূল্য কাৰ্যকৰী হোৱাৰ পাছত কোনো ঔষধ বিক্ৰেতা, ফাৰ্মাচী বা চিকিৎসালয়ৰ ফাৰ্মাচীয়ে নিৰ্ধাৰিত নতুন সৰ্বোচ্চ খুচুৰা মূল্যতকৈ অধিক দাম ল’ব নোৱাৰিব।

ইয়াৰ উপৰি, ‘Pharma Sahi Daam’ মোবাইল এপ আৰু NPPAৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তেও ঔষধৰ নতুন দাম জানিব পাৰিব। কোনো বিক্ৰেতাই নিৰ্ধাৰিত মূল্যতকৈ অধিক দাম আদায় কৰিলে গ্ৰাহকে ‘Pharma Jan Samadhan’ পৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। লগতে ১৮০০-১১১-২৫৫ নম্বৰৰ হেল্পলাইনতো অভিযোগ জনোৱাৰ ব্যৱস্থা কৰা হৈছে।

কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় হ্ৰাস আৰু অত্যাৱশ্যকীয় ঔষধ সাধাৰণ ৰোগীৰ ক্ৰয়ক্ষমতাৰ ভিতৰলৈ অনাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে দেশৰ লাখ লাখ কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ আশা কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.