Rangajan turned crimson with blood: তেজেৰ ৰাঙলী হ'ল ৰঙাজান

কাজিৰঙা, ১৩ নৱেম্বৰঃ কাজিৰঙাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে কমেও ১৬ গৰাকী যাত্ৰীৰ। নগাঁও অভিমুখী এখন ট্ৰেভেলাৰে তীব্ৰ বেগেৰে খুন্দা মাৰে যোৰহাট অভিমুখী এখন কন্টেইনাৰ ট্ৰাকত। AS 02 AC 6690 নম্বৰৰ ট্ৰেভেলাৰখনে KA 01 AT 0977 নম্বৰৰ কন্টেইনাৰখনত খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

Related Posts

কমেও ৩৫ গৰাকী যাত্ৰী আছিল ট্ৰেভেলাৰখনত। ইয়াৰে মাজৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আছিল। নিহত সকলৰ ভিতৰত একাধিক ছাত্ৰী থকা বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱা আশংকা।

আহত ৪ গৰাকী যাত্ৰীক অতি সংকটজনক অৱস্থাত গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত আন একাংশক ভৰ্তি কৰোৱা হৈছে কঁহৰা আদৰ্শ চিকিৎসালয়ত। ট্ৰেভেলাৰৰ ভিতৰত বৰ্তমানেও আবদ্ধ হৈ আছে কেইবাগৰাকীও যাত্ৰী।

You might also like
Leave A Reply

Your email address will not be published.