বিয়া পিছত, পঢ়া আগত
প্ৰতিবাদৰ পিছতে সিদ্ধান্ত প্ৰত্যাহাৰ এএমচিএইচৰ
ডিব্ৰুগড়, ১৯ নৱেম্বৰঃ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ স্নাতকোত্তৰ প্ৰশিক্ষণৰত চিকিৎসকসকলক ৰেছিডেন্সি সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰাখিবলৈ দিয়া এক পৰামৰ্শক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
বুধবাৰে চিকিৎসা বিভাগৰ মুৰব্বী তথা অধ্যাপক প্ৰশান্ত দিহিঙীয়াই এই সন্দৰ্ভত এখন পৰামৰ্শমূলক জাননী জাৰি কৰিছিল। জাননীখনত উল্লেখ কৰা হৈছিল যে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সময়ছোৱাত চিকিৎসকসকলৰ প্ৰধান লক্ষ্য হ’ব লাগে চিকিৎসা সেৱা, ৰোগীৰ যত্ন আৰু শৈক্ষিক কাৰ্যকলাপ।
কিন্তু এই পৰামৰ্শৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী আৰু কনিষ্ঠ চিকিৎসকসকলে। তেওঁলোকৰ মতে, এনে পৰামৰ্শই ব্যক্তিগত স্বাধীনতা আৰু জীৱনৰ সিদ্ধান্ত গ্ৰহণৰ অধিকাৰত হস্তক্ষেপ কৰিছে। বৃহস্পতিবাৰে অধ্যাপক প্ৰশান্ত দিহিঙীয়াই বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে এয়া কেৱল এক পৰামৰ্শহে আছিল।
ব্যক্তিগত জীৱনৰ পৰিৱৰ্তনৰ বাবে বহুতো স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীয়ে তেওঁলোকৰ প্ৰশিক্ষণকাল সফলতাৰে সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত এই পৰামৰ্শ দিয়া হৈছিল বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পিছতে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পূৰ্বৰ পৰামৰ্শমূলক জাননীখন প্ৰত্যাহাৰ কৰা হয়।
উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় ১৯০০ চনত ‘বেৰী হোৱাইট মেডিকেল স্কুল’ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ নৱেম্বৰ মাহত ইয়াক আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হয়।