কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত কি নতুন নিয়ম আহিল?

কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত কি নতুন নিয়ম আহিল?

গুৱাহাটী, ১৬ নৱেম্বৰঃ  কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছতে অতি কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সেই অনুসৰি আজি ৰাজ্যৰ সকলো জিলাৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চ যোগে এক পৰ্যালোচলনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকৰ পিছতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত কি নতুন নিয়ম আহিল?
সেই সমূহ হৈছে-

প্ৰতিখন জিলাতে গঠন হ’ব টাস্ক ফ’ৰ্চ।

সকলো বাণিজ্যিক বাহনত স্পীড লিমিট ডিভাইচ সংস্থাপন বাধ্যতামূলক।

প্ৰতিদিনে বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজালৈ হ’ব তীব্ৰ তালাচী অভিযান।

দ্ৰুতবেগী, বিপদজ্জনক, মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা।

দুৰ্ঘটনাপ্ৰৱণ এলেকাত পথ সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা কৰাৰ নিৰ্দেশ।

ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ ক্ষেত্ৰতো হ’ব জটিলতা।

Related Posts

বাহন চালনৰ পূৰ্ণ দক্ষতা থকা লোকেহে পাব লাইচেন্স।

প্ৰতিটো দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰি তেনে দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা।

প্ৰতিগৰাকী জিলা আয়ুক্তই দুৰ্ঘটনা প্ৰতিৰোধী কাৰ্য ব্যৱস্থা।

শিশুকে ধৰি প্ৰতিগৰাকী বাইক আৰোহীয়ে পিন্ধিব লাগিব হেলমেট।

বাৰে বাৰে যান-বাহন আইন উলংঘা কৰা চালকৰ নিলম্বন হ’ব লাইচেন্স।

বাৰে বাৰে আইন উলংঘা কৰা বাণিজ্যিক বাহনৰ পাৰ্মিট বাতিল কৰিব চৰকাৰে।

ঘাইপথৰ কাষৰ চিকিৎসালয়ত চিকিৎসক, ঔষধ, স্বাস্থ্যকৰ্মীৰ উপলব্ধতা নিশ্চিতকৰণ।

দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰাসকলক প্ৰদান কৰিব পুৰস্কাৰ।

ঘাইপথৰ কাষৰ বাসিন্দাক দুৰ্ঘটনাত গ্ৰহণ কৰিব লগা ব্যৱস্থা সন্দৰ্ভত দিব প্ৰশিক্ষণ।

You might also like
Leave A Reply

Your email address will not be published.