গুৱাহাটী, ২৪ নৱেম্বৰ: ৰোগীৰ চিকিৎসাৰ লগতে তেওঁলোকৰ আত্মীয়-স্বজনৰ সুবিধা আৰু মানসিক স্বস্তিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য সেৱাক অধিক মানৱীয় কৰি তোলাৰ এক বিশেষ পদক্ষেপ হিচাপে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চৌহদত ৰোগীৰ আত্মীয়-স্বজনৰ বাবে নিৰ্মাণ হ’বলগীয়া এটা বিশ্ৰাম গৃহৰ আধাৰশিলা স্থাপন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলে।আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসা সেৱা কেৱল ঔষধ, অস্ত্ৰোপচাৰ আৰু আধুনিক চিকিৎসা পদ্ধতিৰ মাজতে সীমাবদ্ধ নহয়। ৰোগীক মৰম, সহানুভূতি, আশ্বাস আৰু মৰ্যাদাৰে ব্যৱহাৰ কৰাটোও চিকিৎসা সেৱাৰ এক অবিচ্ছেদ্য অংগ। ৰোগীৰ মনোবল বৃদ্ধি আৰু সুস্থ হৈ উঠাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ মানৱীয় ব্যৱহাৰে বিশেষ ভূমিকা পালন কৰে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দূৰ-দূৰণিৰ পৰা উন্নত চিকিৎসাৰ বাবে অহা ৰোগীৰ আত্মীয়-স্বজনসকলে চিকিৎসালয়ৰ চৌহদত বহু সময় অপেক্ষা কৰিবলগীয়া হয়। নিৰ্মাণ হ’বলগীয়া এই বিশ্ৰাম গৃহটোৱে তেওঁলোকৰ অসুবিধা হ্ৰাস কৰাৰ লগতে এক সহায়ক আৰু স্বস্তিদায়ক পৰিৱেশ গঢ়ি তুলিব।
ৰাজ্যৰ চিকিৎসালয়সমূহত সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জুলাই মাহত চিকিৎসালয়ৰ সংক্ৰমণৰ হাৰ প্ৰায় ২১ শতাংশ আছিল। স্বাস্থ্য বিভাগৰ বিশেষ উদ্যোগ আৰু চিকিৎসক-স্বাস্থ্যকৰ্মীসকলৰ প্ৰচেষ্টাৰ ফলত অক্টোবৰ মাহত এই হাৰ ৮ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষলৈ চিকিৎসালয়ৰ সংক্ৰমণৰ হাৰ ৪ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগী নতুন সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰাটো স্বাস্থ্য ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। সেয়েহে সংক্ৰমণ প্ৰতিৰোধৰ সকলো নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব।
মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত কয় যে ৰাজ্যৰ স্বাস্থ্য খণ্ডত আন্তঃগাঁথনি আৰু আধুনিক চিকিৎসা সঁজুলিৰ উন্নয়নৰ লগতে চিকিৎসা সেৱাৰ গুণগত মান নিশ্চিত কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য। অহা বৰ্ষৰ পৰা ৰাজ্যৰ চিকিৎসালয়সমূহত স্বাস্থ্য সেৱাৰ নিয়মীয়া পৰ্যালোচনা ব্যৱস্থা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে চিকিৎসালয়সমূহত প্ৰদান কৰা চিকিৎসা সেৱাৰ মান, নিৰ্ধাৰিত নিয়মৰ পালন আৰু ৰোগীসকলে লাভ কৰা সুবিধাসমূহ পৰ্যালোচনা কৰা হ’ব।তেওঁ কয় যে চৰকাৰে স্বাস্থ্য খণ্ডত যথেষ্ট বিনিয়োগ কৰিছে আৰু ৰাজ্যত দক্ষ চিকিৎসকৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰতিবছৰে প্ৰায় ১,২৫০ গৰাকী নতুন চিকিৎসকে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাত যোগদান কৰিছে। আগন্তুক দুবছৰৰ ভিতৰত উপ-স্বাস্থ্য কেন্দ্ৰ পৰ্যায়তো চিকিৎসকৰ উপলব্ধতা নিশ্চিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। তদুপৰি কাজিৰঙাত সংঘটিত শেহতীয়া পথ দুৰ্ঘটনাত আহত লোকসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলে আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।তেওঁ কয় যে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সময়মতে প্ৰদান কৰা চিকিৎসা, নিষ্ঠা আৰু মানৱীয় প্ৰচেষ্টাৰ ফলত বহু লোকৰ জীৱন ৰক্ষা কৰা সম্ভৱ হৈছে।
উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত নিৰ্মাণ হ’বলগীয়া বিশ্ৰাম গৃহ হৈছে ৰাজ্য চৰকাৰৰ এক মানৱীয় আৰু জনকল্যাণমূলক পদক্ষেপ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পৰা উন্নত চিকিৎসাৰ বাবে অহা ৰোগীৰ আত্মীয়-স্বজন আৰু পৰিচৰ্যাকাৰীসকলৰ বাবে এই বিশ্ৰাম গৃহত সুলভ, নিৰাপদ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন কোঠা ব্যৱস্থা থাকিব। প্ৰায় ৩,০০০ বৰ্গমিটাৰ ভূমিত নিৰ্মাণ হ’বলগীয়া এই ভৱনটো মুঠ ছটা মহলাৰ হ’ব আৰু ইয়াত ৬৬৬খন বিছনাৰ ব্যৱস্থা থাকিব। বিশ্ৰাম গৃহত পুৰুষ-মহিলাৰ বাবে পৃথক আৰু পৰিষ্কাৰ শয়ন ব্যৱস্থা, পৃথক কোঠা, প্ৰায় ২২৪জন লোকৰ একেলগে বহিব পৰা আহাৰ গ্ৰহণৰ হল, সুলভ মূল্যত পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰাৰ আধুনিক পাকঘৰ, কাপোৰ ধোৱা আৰু শুকুৱাৰ সুবিধা, সামগ্ৰী সুৰক্ষিতভাৱে ৰখাৰ ব্যৱস্থা, বিশুদ্ধ খোৱাপানী, বহা আৰু অপেক্ষা কৰাৰ বাবে বায়ু চলাচলৰ উপযুক্ত স্থান, পুথিভঁৰাল, প্ৰাৰ্থনা কক্ষ, শিশুৰ খেলাৰ স্থান আৰু তথ্য-সহায়ক ডেস্ক আদি সুবিধা উপলব্ধ হ’ব। তদুপৰি, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ২৪ ঘণ্টীয়া নিৰাপত্তা আৰু সহায়-সহযোগিতাৰ ব্যৱস্থাই ৰোগীৰ পৰিয়ালক অধিক সুৰক্ষা আৰু মানসিক স্বস্তি প্ৰদান কৰিব। এই উদ্যোগৰ মূল লক্ষ্য হৈছে চিকিৎসাৰ বাবে দূৰ-দূৰণিৰ পৰা অহা কোনো পৰিয়ালেই যাতে ঠাইৰ অভাৱত চিকিৎসালয়ৰ চৌহদ, পদপথ বা মুকলি আকাশৰ তলত নিশা কটাবলগীয়া নহয়, সেয়া নিশ্চিত কৰা।
আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত-সচিব ডাঃ সিদ্ধাৰ্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ বাবুল বেজবৰুৱা, অধীক্ষক ডাঃ দেবজিৎ চৌধুৰীকে ধৰি বহু বিশিষ্ট চিকিৎসক, চিকিৎসা শিক্ষাৰ্থী আৰু স্বাস্থ্যকৰ্মী উপস্থিত থাকে।