প্ৰত্যাহাৰ কৰা হ’ল ২৩ নৱেম্বৰৰ পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী
চৰকাৰ আৰু তেল কোম্পানীৰ সঁহাৰিৰ পিছতে সিদ্ধান্ত নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ
গুৱাহাটী, ২১ নৱেম্বৰঃ অৱশেষত প্ৰত্যাহাৰ কৰা হ’ল ২৩ নৱেম্বৰত আহ্বান জনোৱা পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনে আজি এই কথা ঘোষণা কৰে।
উল্লেখ্য যে, তেল কোম্পানীসমূহৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনে। সংগঠনটোৱে পূৰ্বে ঘোষণা কৰিছিল যে ২২ নৱেম্বৰলৈকে চৰকাৰ আৰু তেল কোম্পানীসমূহৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিব। তাৰ পাছতহে পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। অৱশেষত ২৩ নৱেম্বৰৰ বন্ধৰ আহ্বান প্ৰত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰে সংগঠনটোৱে।

ডিলাৰসকলৰ অভিযোগ অনুসৰি, তেল কোম্পানীসমূহে তেওঁলোকৰ সৈতে একপক্ষীয়ভাৱে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। বিশেষকৈ তেল পৰিবহণৰ বাবে ব্যৱহৃত টেংকাৰৰ চুক্তি বাতিল, ডিলাৰসকলৰ বেংক একাউণ্টৰ পৰা অন্যায়ভাৱে ধন কৰ্তন, প্ৰাপ্য ৰাজসাহায্য আদায়ত পলম কৰা আৰু লুব্ৰিকেণ্টকে ধৰি অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ দৰে বিষয়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ডিলাৰসকলে।
সংগঠনটোৰ মতে, এই সমস্যাসমূহে পেট্ৰ’ল পাম্পৰ ব্যৱসায়িক পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে ডিলাৰসকলক আৰ্থিকভাৱেও সমস্যাৰ সন্মুখীন কৰাইছে। সেয়েহে সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
অৱশ্যে ২৩ নৱেম্বৰৰ বন্ধ প্ৰত্যাহাৰ কৰিলেও ডিলাৰসকলৰ উত্থাপিত সমস্যাসমূহৰ সমাধানৰ বিষয়টো এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। চৰকাৰ আৰু তেল কোম্পানীসমূহে এই দাবীসমূহৰ প্ৰতি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।