আজি ১৪ জুলাই

➡️ আজি ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস।

➡️ ১৭৮৯ চনৰ ১৪ জুলাইৰ পৰা ফৰাচী বিপ্লৱৰ সূচনা হৈছিল। ফৰাচী জনতাই বাস্তিল দুৰ্গ অধিকাৰ কৰিছিল।

➡️ আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ইংগাৰ বাৰ্গমেনৰ ছুইডেনত জন্ম হৈছিল ১৯১৮ চনৰ আজিৰ দিনটোতেই।

➡️ ১৯৪২ চনৰ ১৪ জুলাইত মহাত্মা গান্ধীয়ে ‘ভাৰত ত্যাগ’ আন্দোলনৰ প্ৰস্তাৱ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰিছিল।

➡️ ১৯২১ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাসায়নবিদ ছাৰ জিঅ’ফ্ৰে উইলকিন্‌ছনৰ জন্ম হৈছিল। ১৯৭৩ চনত তেওঁ ৰাসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৫৪ চনৰ ১৪ জুলাইত ন’বেল জয়ী স্পেনিছ নাট্যকাৰ জে বেনাভেন্টৰ মৃত্যু হৈছিল।
১৯২২ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ তেলুগু কবি শ্ৰীৰংগম শ্ৰীনিৱাস ৰাওৰ ৭৩ বছৰ বয়সত মৃত্যু হৈছিল ১৯৮৩ চনৰ ১৪ জুলাইত।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে আগ্ৰা শীৰ্ষ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ভাৰতলৈ আহিছিল।

➡️ নেপালৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত ১৬০জন মাওবাদী নিহত হৈছিল ২০০১ চনৰ ১৪ জুলাইত।

➡️ ২০০২ চনৰ ১৪ জুলাইত কবি, সাহিত্যিক নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.