আজি ১৫ জুলাই

➡️ ১৮১৫ চনত ৱাটাৰ্লুৰ যুদ্ধত পৰাজয়ৰ (১৮ জুন) পিছত ১৫ জুলাইত নেপোলিয়ন বোনাপাৰ্টে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পন কৰিছিল আৰু পিছত তেওঁক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।

➡️ ১৯০৩ চনৰ আজিৰ দিনটোতে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম হৈছিল।

➡️ ১৯১৯ চনৰ ১৫ জুলাইত প্ৰখ্যাত জাৰ্মান ৰসায়নবিদ হেৰমান এমিল ফিছখাৰৰ মৃত্যু হৈছিল। হেৰমানে ১৯০২ চনত ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

➡️ পণ্ডিত জৱাহৰলাল নেহৰুলৈ ‘ভাৰতৰত্ন’ সন্মান ঘোষণা কৰা হৈছিল ১৯৫৫ চনৰ ১৫ জুলাইত।

➡️ ১৯৭৫ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান ‘এপ’ল-ছয়ুজে’ বিস্ময়কৰ তথা অভূতপূৰ্ণ সাফল্য লাভ কৰিছিল। ১৯৭৫ চনৰ এই দিনটোতে ভাৰতীয় সময়মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ-১৯ যানখন উৎক্ষেপণ কৰাৰ লগে লগে এই অভিযান আৰম্ভ হৈছিল।

➡️ ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু হৈছিল ১৯৭৭ চনৰ ১৫ জুলাইত।

➡️ ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ সন্ধ্যা আগৰৱালাই মহিলা ক্ৰিকেট টেষ্টত ১৯০ ৰাণ সংগ্ৰহ কৰিছিল । এয়া এক বিশ্ব অভিলেখ।

➡️ ১৯৯৯ চনৰ ১৫ জুলাইত ডায়েবেটিছ ৰোগৰ প্ৰতিষেধক হিচাপে এটা মাৰ্কিন সংস্থাই কেৰেলা, জামু আৰু বেঙেনাৰ পেটেন্ট গ্ৰহণ কৰিছিল আৰু দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

➡️ আগ্ৰাত পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক ‘আগ্ৰা’ শীৰ্ষ বৈঠক আৰম্ভ হৈছিল ২০০১ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৭ চনৰ ১৫ জুলাইত চণ্ডীগড়ত ধূমপান নিষিদ্ধ কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা চণ্ডীগড় দেশৰ প্ৰথমখন ধূমপানমুক্ত চহৰ ৰূপে পৰিগণিত হৈছিল।

➡️ পৰিবেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হৈছিল ১৯৯৭ চনৰ আজিৰ দিনটোতে।।

You might also like
Leave A Reply

Your email address will not be published.