সুধানকণ্ঠৰ জন্ম শতবৰ্ষৰ অনুষ্ঠাক লৈ কিয় আপত্তি অখিল গগৈৰ?

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

চৰকাৰক তীব্ৰ সমালোচনা

গুৱাহাটী, ২৯ নৱেম্বৰঃ নতুন দিল্লীত বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আয়োজনক আদৰণি জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। অৱশ্যে অনুষ্ঠান আয়োজনৰ সমান্তৰালভাৱে ভূপেন হাজৰিকাৰ মানৱতাবাদী দৰ্শন আৰু আদৰ্শ চৰকাৰে বাস্তৱত ৰূপায়ণ কৰিব লাগে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে।

এক প্ৰতিক্ৰিয়াত অখিল গগৈয়ে কয় যে ভূপেন হাজৰিকাৰ প্ৰকৃত সন্মান কেৱল বৃহৎ অনুষ্ঠান আয়োজনত সীমাবদ্ধ থাকিব নালাগে। প্ৰেম, সমন্বয়, সম-অধিকাৰ আৰু মানৱতাৰ যি আদৰ্শ সুধাকণ্ঠই গীতৰ মাজেৰে প্ৰতিষ্ঠা কৰি গৈছে, চৰকাৰে সেই আদৰ্শ অনুসৰণ কৰা উচিত।

https://adtu.in/

Related Posts

লগতে অসমৰ সৰ্বহাৰা শ্ৰেণীৰ মাটি বৃহৎ পুঁজিপতি আদানি-আম্বানিৰ হাতত গতাই দিয়াৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনায় অখিল গগৈয়ে। ধৰ্মৰ নামত সাম্প্ৰদায়িক বিভাজন আৰু উচ্ছেদৰ ৰাজনীতি বন্ধ কৰাৰো দাবী জনায় তেওঁ।

আনহাতে, হিন্দু-মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি চলি থকাক লৈ উদ্বেগ প্ৰকাশ কৰি ভূপেন হাজৰিকাৰ মানৱতাবাদী দৰ্শনৰ কথা সোঁৱৰাই দিয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ সমালোচনা কৰাৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগও উত্থাপন কৰে অখিল গগৈয়ে।

তেওঁ লগতে কয় যে ভূপেন হাজৰিকাই কেতিয়াও শাসকৰ স্তুতি কৰা নাছিল। তেওঁৰ গীতত সদায় প্ৰতিফলিত হৈছিল প্ৰেম, বিদ্ৰোহ আৰু মানুহৰ মুক্তিৰ সপোন। সেয়েহে চৰকাৰে মানুহৰ বাক্-স্বাধীনতাৰ কণ্ঠ ৰুদ্ধ কৰিব নালাগে বুলিও আহ্বান জনায়।

শেষত অখিল গগৈয়ে কয় যে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰকৃত সাৰ্থকতা তেতিয়াহে আহিব, যেতিয়া তেওঁৰ আদৰ্শ আৰু দৰ্শন সমাজ তথা ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত বাস্তৱত প্ৰতিফলিত হ’ব।

You might also like
Leave A Reply

Your email address will not be published.