আফগানিস্তানত হত্যা পুলিৎজাৰ বিজয়ী ভাৰতীয় সাংবাদিক

ইন্টাৰনেচনেল ডেস্ক-

পুনৰ অশান্ত হৈ পৰিছে আফগানিস্তান। তালিবানে দেশখনত আৰম্ভ কৰিছে সন্ত্ৰাস। আফগানিস্তানত হত্যা কৰা হ’ল পুলিৎজাৰ বিজয়ী ভাৰতীয় ফটোগ্ৰাফাৰ ডানিছ চিদ্দিকীক। আফগানিস্তানৰ হিংসাগ্ৰস্ত কন্ধাৰত তালিবান বাহিনীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত হৈছে ফটো সাংবাদিকজন। বৃহস্পতিবাৰে কান্দাহাৰ প্ৰান্তৰ কভাৰেজৰ বাবে গৈছিল সাংবাদিকগৰাকী। সাংবাদিকগৰাকীয়ে আফগান নিৰাপত্তা বাহিনীৰ সৈতে সংবাদ প্ৰচাৰ কৰি থকা সময়তে হত্যা কৰা হয় ফটো সাংবাদিকজনক। ২০১৯ চনত ডানিছ চিদ্দিকীক দিয়া হৈছিল পুলিৎজাৰ সন্মান। ৰহিঙীয়াসকলক কৰা নিৰ্যাতনৰ ফটোৰ বাবে ডানিছ চিদ্দিকীক প্ৰদান কৰা হৈছিল পুলিৎজাৰ সন্মান।

ডানিছ চিদ্দিকীয়ে দূৰদৰ্শনৰ বাতৰি সংবাদদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পিছত ফটো সাংবাদিকৰূপে কৰ্মৰত আছিল। তেওঁ আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়টাৰৰ ফটো সাংবাদিক আছিল। ২০০৮ চনৰ পৰা ২০১০ চনলৈ ইণ্ডিয়া টুডে গ্ৰুপৰ সংবাদদাতা হিচাপেও কাম কৰিছিল চিদ্দিকীয়ে।

You might also like
Leave A Reply

Your email address will not be published.