আজি ২০ জুলাই

➡️ ১৩০৪ চনৰ ২০ জুলাইত ইটালীৰ কবি, পণ্ডিত পেট্ৰাৰ্কৰ জন্ম হৈছিল ।

➡️ ভাৰতীয় ছবিজগতৰ স্বনামধন্য অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে। ২০০৩ চনত তেওঁক প্ৰদান কৰা হৈছিল পদ্মবিভূষণ।

➡️ ১৮৯৮ চনৰ আজিৰ দিনটোতে সংস্কৃত পণ্ডিত আৰু ভাষাতাত্ত্বিক কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল।

➡️ সংসদৰ বংগ বিভাজনত অনুমোদন দিয়া হৈছিল ১৯০৫ চনৰ ২০ জুলাইত । এই অনুমোদনৰ পৰিপেক্ষিতত ১৬ অক্টোবৰত বংগ বিভাজন হয়, পূব অংশৰ নাম পূৰ্ববংগ আৰু পশ্চিম অংশৰ নাম পশ্চিম বংগ দিয়া হৈছিল । এই বিভাজন ১৯১১ চনলৈকে বাহাল থাকে।

➡️ এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী ব্যক্তি এডমাণ্ড হিলাৰীৰ নিউজীলেণ্ডৰ অকলেণ্ডত জন্ম হৈছিল ১৯১৯ চনৰ ২০ জুলাইত।

➡️ ১৯৩৭ চনৰ আজিৰ দিনটোতে ইটালীৰ পদাৰ্থবিদ, অনাতাঁৰৰ উদ্ভাৱক গুগ্লিয়েলমো মাৰ্কনীৰ মৃত্যু হৈছিল।

➡️ জৰ্ডানৰ ৰজা আব্দুল্লা আততায়ীৰ হাতত নিহত হৈছিল ১৯৫১ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৬৭ চনৰ আজিৰ দিনটোতে ছুইডেনৰ কবি এৰিক এক্সেল কাৰ্লফেল্টৰ জন্ম হৈছিল। কাৰ্লফেল্টে ১৯৩১ চনত মৰণোত্তৰভাৱে সাহিত্যিৰ ন’বেল বঁটা লাভ কৰে। প্ৰদান কৰা হয়।

➡️ এপলো-১১ মহাকাশযানত উঠি মাৰ্কিন মহাকাশযাত্ৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনৰ চন্দ্ৰত অৱতৰণ কৰিছিল ১৯৬৯ চনৰ ২০ জুলাইত।

➡️ ১৯৬৯ চনৰ আজিৰ দিনটোতে মহম্মদ হেদায়েতুল্লাই ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।

➡️ ২০০২ চনৰ ২০ জুলাইত ছুইজাৰলেণ্ডে ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.