বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এখন বিদ্যালয়

🔴 বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত  কণ কণ ছাত্ৰ-ছাত্ৰী

 

নাৰায়ণপুৰ ৰাজহচক্ৰ অন্তগত বালিপুখুৰীস্থ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় ৰাইজে প্ৰয়োজনীয় বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা হাতত তুলি লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে বালিপুখুৰীস্থ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় ৰাইজে।বিদ্যালয়খনলৈ প্ৰয়োজনীয় খোৱা পানী আজিও কাষৰ গাৱঁৰ পৰা আনিব লগা হয় । ফলত বিশুদ্ধ খোৱা পানীৰ অভাৱত ভূগিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । বিদ্যালয়ৰ কতৃপক্ষৰ ফালৰ পৰা বহুবাৰ যোগাযোগ কৰিও সুফল পোৱা নাই । স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে দাবী জনাইছে অনতি পলমে শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত খোৱা পানীৰ ব্যৱস্থা কৰে যেন ।

নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিৰ্পট NEBharat24

 

You might also like
Leave A Reply

Your email address will not be published.