গুৱাহাটী, ৬ নৱেম্বৰ: অসমক দুৰ্যোগ সহনশীল ৰাজ্য ৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰি ৰাজ্য চৰকাৰে। আগন্তুক দিনত যিকোনো দুৰ্যোগৰ পৰিস্থিতিতে ৰাইজক ক্ষিপ্ৰতাৰে সকাহ প্ৰদানৰ বাবে প্ৰয়োজনীয় সস্তমতা গঢ়াৰ লগতে দায়বদ্ধতা বিষয়ক অংশীদাৰিত্বৰ বাতাৱৰণ শক্তিশালী কৰিবলৈ ৰাজ্যখনত দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো হিতধাৰককে জড়িত কৰি সহযোগিতামূলক স্থিতিস্থাপকতা গঢ়িবলৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তৎপৰ হৈ পৰিছে।
ইয়াৰ অংশ হিচাপে বিভাগটোৰ অধীনৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এছডেমা)ৰ উদ্যোগত গুৱাহাটীত আজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন দুৰ্যোগ প্ৰশমন, ক্ষিপ্ৰ দুৰ্যোগ সঁহাৰি আৰু আগতীয়া সতৰ্কতাৰ অত্যাধুনিক ফলপ্ৰসূ কাৰ্যপ্ৰণালী সক্ৰিয় কৰাৰ উদ্দেশ্যে তিনিখনকৈ মহত্বপূৰ্ণ বুজাবুজি চুক্তি সম্পাদন কৰা হয়।
এছডেমাই গুৱাহাটী বিশ্ববিদ্যালয়, জিঅ’লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়া, নেছনেল ইন্সটিটিউট অব্ হাইড্ৰ’লজী, উত্তৰ পূৱ মহাকাশ প্ৰয়োগ কেন্দ্ৰ (নেছাক), লোক নিৰ্মাণ বিভাগ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সৈতে এই অতি মহত্বপূৰ্ণ বুজাবুজি চুক্তি তিনিখন সম্পাদন কৰে।