দৰঙত খচৰা ভোটাৰ তালিকা প্ৰকাশ

 

ডিজিটেল ডেস্কঃ   আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত জিলাখনৰ কাৰণে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, অতিৰিক্ত জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়াই এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭৩৭৩১৬ গৰাকী। ইয়াৰৰ ভিতৰত ৩,৭১,২৯২ জন পুৰুষ ভোটাৰ, ৩,৬৬,০০৬ জন মহিলা ভোটাৰ আৰু ১৮ জন তৃতীয় লিংগৰ ভোটাৰ। ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ২১১২৯৯ গৰাকী, ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ২০৭৬৯১ গৰাকী আৰু ৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩১৮৩২৬ গৰাকী ।

এই খচৰা ভোটাৰ তালিকাৰ বিষয়ে ২০২৫ বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা ২০২৬ বৰ্ষৰ ২২ জানুৱাৰীলৈকে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব । ২০২৬ বৰ্ষৰ ১০ ফ্ৰেব্ৰুৱাৰীৰ দিনা চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।
ভোটাৰ তালিকাৰ সঠিকতা নিশ্চিত কৰাৰ বাবে ২০২৬ চনৰ ৩ আৰু ৪ জানুৱাৰীত সকলো ভোটকেন্দ্ৰত বিশেষ পুনৰীক্ষণ অভিযান অনুষ্ঠিত কৰা হ’ব। উক্ত তাৰিখত নিজ নিজ ভোটকেন্দ্ৰলৈ গৈ নিজৰ সবিশেষ পৰীক্ষা কৰিবলৈ আৰু প্ৰয়োজনীয় প্ৰ-পত্ৰ জমা দিবলৈ আহ্বান জনায় জিলা আয়ুক্ত গৰাকীয়ে।

তদুপৰি, ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে সমগ্ৰ জিলাতে ২০২৬ চনৰ ১১ আৰু ১২ জানুৱাৰীত গ্ৰামসভাৰ বৈঠক অনুষ্ঠিত হ’ব। ভোটাৰক সহায় কৰিবলৈ আৰু পুনৰীক্ষণ কাৰ্য্যকলাপত সহায় কৰিবলৈ সকলো বুথ লেভেল এজেণ্টক গ্ৰাম সভাৰ সময়ত নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.