ইউ এছ টি এমত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে

ইউ এছ টি এমত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে আচাৰ্য্য মহবুবুল হকক সৌজন্যমূলক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী আঠাৱালেৰ

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালেৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ইউ এছ টি এম ভ্ৰমণ কৰে । ভ্ৰমণকালত আচাৰ্য্য মহবুবুল হকক সৌজন্যমূলক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী আঠাৱালে। লগতে উপাচাৰ্য প্ৰফেছৰ জি. ডি. শৰ্মাৰ সৈতে এক বিস্তৃত আৰু গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

বৈঠকত উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰে আচাৰ্য্য মহবুবুল হকৰ সৈতে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অন্তৰ্ভুক্তিমূলক উন্নয়ন,সামাজিক ক্ষমতা আৰু বঞ্চিত শ্ৰেণীৰ বাবে গুণগত শিক্ষাৰ সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰতো আলোচনা কৰে । আলোচনাত USTM-এ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে এক ৰূপান্তৰমূলক ভূমিকা পালন কৰি আছে,বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সক্ষম কৰি তোলাত, সেই কথা বিশেষভাৱে উল্লেখ কৰা হয়।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে USTM-ৰ অন্তৰ্ভুক্তিমূলক শিক্ষাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক উচ্চ প্ৰশংসা কৰে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.