Share গুৱাহাটী: স্বচ্ছ, নিকা আৰু সুৰক্ষিত নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ ৷ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ ৰ বাবে সৰ্বমুঠ ১২৬ টা সমষ্টিত এটা পৰ্যায়তে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণ মুক্ত, নিকা আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈ উঠিছে ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নেতৃত্বত বিভাগীয় প্ৰতিটো শাখাই নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি আছে ৷ আইন-শৃংখলা, ব্যয় আদি সকলো দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ইতিমধ্যে কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰিছে ৷ তদুপৰি প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ চমুকৈ SVEEPৰ যোগেদি সকলো নাগৰিককে ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বিশেষ সজাগতামূলক প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে ৷ ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোট গ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে ৷ ৰাজ্যখনৰ সৰ্বমুঠ ৩১,৪৯০ টা ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ ভিতৰত ৩১,৪৮৬ টা মূল ভোট কেন্দ্ৰ আৰু ৪ টা সহায়ক ভোট কেন্দ্ৰ ৷ ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোট কেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰিব ৷ তদুপৰি ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানৰ গোট মোতায়েন কৰা হৈছে ৷ ADVERTISEMENT আনহাতে প্ৰতিটো ভোটকেন্দ্ৰতে খোৱা পানী, জিৰণি কোঠা, শৌচালয়, দিব্যাংগসকলৰ বাবে হুইল চেয়াৰকে আদি কৰি ন্যূনতম সা-সুবিধা সুনিশ্চিত কৰা হৈছে। তদুপৰি ভোটাৰৰ শাৰীৰ আশে-পাশে বহিব পৰাকৈ বেঞ্চৰ ব্যৱস্থা কৰাৰ উপৰি মোবাইলসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে । Related Posts ASSAM | Poetry Book Realised: দীপা বৰা দত্তৰ কাব্যগ্ৰন্থ… Sep 7, 2026 ASSAM | Guwahati brutal murder: পত্নীক হ*ত্যা কৰি… Sep 7, 2026 ASSAM | Rastriya Swayamsevak Sangh ‘Yuva… Sep 6, 2026 এই নিৰ্বাচনত মুঠ ১,৫১,১৩২গৰাকী ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে ৷ আনহাতে ভোট গ্ৰহণৰ বাবে ৪১,৩২০ টা বেলট ইউনিট,¸ ৪৩,৯৭৫ টা কণ্ট্ৰোল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে ৷ ইয়াৰ ভিতৰতে জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলগীয়া বেলট ইউনিট, ক’ণ্ট্ৰোল ইউনিট, ভিভিপিএটি মেচিন অন্তৰ্ভুক্ত হৈ আছে। আনহাতে প্ৰয়োজন হ’লে নিয়োগ কৰিবলৈ ভোটগ্ৰহণ বিষয়াও সষ্টম কৰি ৰখা হৈছে ৷ ৭২২ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা সাধাৰণ নিৰ্বাচনত মুঠতে ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইয়াৰ ভিতৰত ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী অন্যান্য ভোটাৰ ৷ ইয়াৰ উপৰি ৬৩,৪২৩ গৰাকী ছাৰ্ভিচ ভোটাৰ আছে ৷ আনহাতে এই নিৰ্বাচনত ১৮-১৯ বছৰৰ ৬,৪২,৩১৪ গৰাকী ভোটাৰ, ২,৫০,০০৬ গৰাকী ৮০বছৰৰ ঊৰ্ধ্বৰ আৰু ২,০৫,০৮৫ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ তদুপৰি, জন প্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ৬০ (চি) অনুসৰি ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু নিৰ্বাচনী তালিকাত চিহ্নিত দিব্যাংগ ভোটাৰসকলৰ বাবে ঘৰৰ পৰাই পোষ্টেল বেলট যোগে ভোটদান কৰাৰ ঐচ্ছিক সুবিধাও ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰদান কৰিছে। এই অনুসৰি ৰাজ্যখনত আজিলৈকে মুঠ ২৬,০৩২ গৰাকী ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু ৮,৩৭৩ গৰাকী দিব্যাংগ ভোটাৰে ঘৰৰ পৰাই পোষ্টেল বেলট যোগে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংশ্লিষ্ট সকলোৰে প্ৰতি গোহাৰি জনাইছে ৷ assamassemblyassanelection