ASSAM | India’s first private orbital rocket ‘Bikram-1’ successfully launched: ভাৰতৰ প্ৰথম ব্যক্তিগত অৰ্বিটেল ৰকেট ‘বিক্ৰম-১’ৰ সফল উৎক্ষেপণ

ভাৰতৰ প্ৰথম ব্যক্তিগত অৰ্বিটেল ৰকেট ‘বিক্ৰম-১’ৰ সফল উৎক্ষেপণ

নিউজ ডেস্ক: ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি দেশৰ প্ৰথম ব্যক্তিগত অৰ্বিটেল-শ্ৰেণীৰ ৰকেট ‘বিক্ৰম-১’ শনিবাৰে সফলভাৱে উৎক্ষেপণ কৰা হয়। হায়দৰাবাদস্থিত ব্যক্তিগত মহাকাশ প্ৰতিষ্ঠান স্কাইৰুট এৰোস্পেচ-এ পৰিচালনা কৰা এই অভিযানৰ নাম ‘মিছন আগমন’।

শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ প্ৰথম উৎক্ষেপণ পেডৰ পৰা দুপৰীয়া ১২:০৫ বজাত সাত মহলীয়া, চাৰি-স্তৰবিশিষ্ট ‘বিক্ৰম-১’ ৰকেটটো মহাকাশলৈ উৰা মাৰে। প্ৰথমে পূৰ্বনিৰ্ধাৰিত সময় আছিল পুৱা ১১:৩০ বজা। কিন্তু নেভিগেচন ব্যৱস্থাৰ কিছু কাৰিকৰী সমস্যাৰ বাবে উৎক্ষেপণ প্ৰায় ৩৫ মিনিট পিছুৱাই দিয়া হৈছিল।

ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে পৰিচিত ড° বিক্ৰম চাৰাভাইৰ নামেৰে নামকৰণ কৰা ‘বিক্ৰম-১’ সম্পূৰ্ণ কাৰ্বন কম্প’জিট গঠনত নিৰ্মিত। ইয়াত স্কাইৰুটে নিজেই প্ৰস্তুত কৰা ৩ডি-প্ৰিণ্টেড ইঞ্জিন, উচ্চ-ক্ষমতাসম্পন্ন কঠিন ইন্ধন বুষ্টাৰ আদি আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

এই ৰকেটত গ্ৰাহা স্পেচ, কচ্ম’ছাৰ্ভ, ডিকিউবড আৰু স্কাইৰুটৰ নিজা SCOPE-ৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন শুভেচ্ছা পোষ্ট কাৰ্ড আৰু ‘কছমিক ব্লুম’ শীৰ্ষক এখন চিত্ৰশিল্প মহাকাশলৈ প্ৰেৰণ কৰা হৈছে।

‘বিক্ৰম-১’ৰ এই সফল উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ উদ্যোগৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে।

সফতাৰে ‘বিক্ৰম-১’ উৎক্ষেপণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কাইৰুটৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰে। টেলিফোনিক বাৰ্তালাপযোগে প্ৰধানমন্ত্ৰী মোদীয়ে সদৰি কৰে যে ‘বিক্ৰম-১’ৰ উৎক্ষেপণ নিজে প্ৰত্যক্ষ কৰি আছিল। এয়া দেশৰ বাবে এক বিৰল মুহূৰ্ত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ মেড ইন ইণ্ডিয়াৰ কথা উনুকিয়াই। অচিৰেই স্কাইৰুটৰ দলটোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্য়ক্তিগতভাৱে বাৰ্তালাপ কৰিব বুলিও সদৰি কৰে।

You might also like
Leave A Reply

Your email address will not be published.