গুৱাহাটী: অসম প্ৰিমিয়াৰ লীগ (APL)-ৰ প্ৰথম খেলুৱৈ নিলামত সৰ্বাধিক মূল্য লাভ কৰে অসমৰ উদীয়মান ক্ৰিকেটাৰ ডেনিছ দাসে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ নিলামৰ অন্তত বাৰপেটা ব্ৰেভছে তেওঁক ১২.৬০ লাখ টকাত দলত অন্তৰ্ভুক্ত কৰে।
দ্বিতীয় সৰ্বাধিক মূল্য লাভ কৰে সুমিত ঘাডিগাওকাৰে। তেওঁক ১২.২০ লাখ টকাত ক্ৰয় কৰে চৰাইদেউ ছানৰাইজাৰ্ছে। আনহাতে, অভিজ্ঞ অসমীয়া বেটাৰ শিৱশংকৰ ৰয়ক ১২ লাখ টকাত নিজৰ দলত চামিল কৰে বৰাক লেজেণ্ডছে।
শীৰ্ষ পাঁচগৰাকী খেলুৱৈৰ তালিকাত স্থান লাভ কৰে আয়ুষ্মান মালাকাৰ আৰু স্বৰূপম পূৰকায়স্থই। তেজপুৰ টাইটানছে আয়ুষ্মান মালাকাৰক ১১.৮০ লাখ টকাত আৰু যোৰহাট ষ্টেলিয়নছে স্বৰূপম পূৰকায়স্থক একে মূল্যতে ক্ৰয় কৰে।
ইয়াৰ উপৰিও, বৰাক লেজেণ্ডছে আব্দুল আজিজ কুৰেশ্বীক ৮.৪০ লাখ টকাত আৰু ভাৰ্গৱ লহকৰক ৫.২০ লাখ টকাত দললৈ ক্ৰয় কৰে। বৰপেটা ব্ৰেভছে সৌৰভ দিহিঙীয়াক ৭.৮০ লাখ টকাত ক্ৰয় কৰাৰ বিপৰীতে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে ছাহিল জৈনক ৭.২০ লাখ টকাত আৰু জিতুমণি কলিতাক ৬.২০ লাখ টকাত নিজৰ দলত অন্তৰ্ভুক্ত কৰে।
অসম ক্ৰিকেট সন্থাৰ (ACA) সভাপতি তৰংগ গগৈয়ে কয় যে অহা ১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া অসম প্ৰিমিয়াৰ লীগক ৰাজ্যবাসীয়ে নিজৰ প্ৰতিযোগিতা হিচাপে আদৰি ল’ব বুলি তেওঁ আশাবাদী। তেওঁৰ মতে, এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণেই অসম ক্ৰিকেটৰ ইতিহাসত এক স্মৰণীয় অধ্যায় হিচাপে পৰিগণিত হ’ব