ASSAM | Landslide in Guwahati : গুৱাহাটীৰ খাৰঘূলিত ভয়ংকৰ ভূমিস্খলন 

ASSAM | Landslide in Guwahati : গুৱাহাটীৰ খাৰঘূলিত ভয়ংকৰ ভূমিস্খলন 

গুৱাহাটী: গুৱাহাটীৰ খাৰঘুলি অঞ্চলত দেওবাৰে পুৱা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ১০ বজাত সংঘটিত এই ঘটনাত এখন গাৰ্ডৱাল খহি পথৰ ওপৰত পৰে, যাৰ ফলত পথৰ কাষত ৰখাই থোৱা ৬ খন দুচকীয়া বাহন ক্ষতিগ্ৰস্ত হয়।

ঘটনাই স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰে। অৱশ্যে, সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত বা আহত হোৱা নাই।

গাৰ্ডৱাল খহি পথ আৱৰি পৰাৰ ফলত কিছু সময়ৰ বাবে যাতায়ত ব্যাহত হয়। ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰোৱাৰ লগতে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ উদ্ধাৰ আৰু পৰিষ্কাৰ অভিযান অব্যাহত ৰাখিছে।

ইফালে, ক্ষতিগ্ৰস্ত বাহনৰ গৰাকীয়ে তেওঁলোকৰ ক্ষতিপূৰণ কোনে বহন কৰিব বুলি প্ৰশাসনৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে।

স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰি কয় যে অবৈধভাৱে পাহাৰ কাটি ব্যক্তিগত স্বাৰ্থত ইচ্ছামতে গাৰ্ডৱাল নিৰ্মাণ কৰাৰ ফলতেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। তেওঁলোকে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পাহাৰ কটাৰ দৰে অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.