ASSAM | Futsal Tournament 2026: DY365ক ৫-২ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ NE Bharat24ৰ

ASSAM | Futsal Tournament 2026: DY365ক ৫-২ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ NE Bharat24ৰ

গুৱাহাটী, ১৯ জুলাইঃ গুৱাহাটী প্ৰেছ ক্লাৱে আয়োজন কৰা Futsal Tournament 2026ত দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে NE Bharat24 দলে। কোৱাৰ্টাৰ ফাইনেলত শক্তিশালী প্ৰতিদ্বন্দ্বী DY365ক ৫-২ গ’লত পৰাস্ত কৰি NE Bharat24-এ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে।

দলটোৰ জয়ত ধীৰাজ হাজৰিকা আৰু তৃষাৰাজ দত্তই দুটাকৈ গ’ল কৰি উজ্জ্বল ভূমিকা পালন কৰে। আনহাতে, নিজাম আলিয়ে এটা গ’ল দি দলৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

ইয়াৰ পূৰ্বে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলত NE Bharat24-এ Pratham Khabar 24×7 দলক ২-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। দলৰ হৈ গুণু ডেকাই দিয়ে দুয়োটা গ’ল। একেৰাহে দুটা জয়েৰে দলটোৱে প্ৰতিযোগিতাত খিতাপ জয়ৰ দাবীদাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

আজিৰ জয়ৰ ফলত NE Bharat24-এ কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব। এতিয়া দৃষ্টি ছেমি ফাইনেলৰ দিশে, য’ত দলটোৱে ফাইনেলত প্ৰৱেশৰ লক্ষ্য লৈ খেলপথাৰত নামিব।

You might also like
Leave A Reply

Your email address will not be published.