Assam| Shikhamani Bezbarua Goswami : শিখামনি বেজবৰুৱা গোস্বামীক নৰেন্দ্ৰ মোডী বিচাৰ মঞ্চ মহিলা শাখাৰ গুৰুত্বপূৰ্ণ দায়িত্ব

শিখামনি বেজবৰুৱা গোস্বামীক নৰেন্দ্ৰ মোডী বিচাৰ মঞ্চ মহিলা শাখাৰ গুৰুত্বপূৰ্ণ দায়িত্ব

গুৱাহাটী,২০ জুলাইঃ বিশিষ্ট সমাজকৰ্মী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিনাতিনী শিখামনি বেজবৰুৱা গোস্বামীক নৰেন্দ্ৰ মোডী বিচাৰ মঞ্চ মহিলা শাখাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ-পূৱৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়ে।ৰাজস্থানৰ বৈশালীনগৰস্থিত মহিলা শাখাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় অধ‍্যক্ষা লিলিয়ান গ্ৰেছে প্ৰেৰণ কৰা পত্ৰ অনুসৰি ১৯ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ শিখামনি বেজবৰুৱা গোস্বামীক নিযুক্তি প্ৰদান কৰা হয়।

২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা নৰেন্দ্ৰ মোডী বিচাৰ মঞ্চ অসম প্ৰদেশ মহিলা শাখাৰ অধ‍্যক্ষৰ দায়িত্বত থাকি নিষ্ঠা,সততা তথা স্বচ্ছতাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ সামগ্ৰিক দিশত সেৱা আগবঢ়োৱা শিখা বেজবৰুৱা গোস্বামীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে উৎকৃষ্ট ভাৰত নিৰ্মানৰ সপোন বাস্তৱাৱিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰিছে।

নিযুক্তিপত্ৰৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মুখ‍্য সমন্বয়ক ৰবি চাণক‍্য,অধ‍্যক্ষ অমৰ নাথ চনি আৰু মুখ‍্য সাধাৰণ সম্পাদকদ্বয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে। উল্লেখ‍্য ‍যে সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন কৰ্মৰাজিৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা গুৱাহাটী জুৰিপাৰ নিবাসী শিখা বেজবৰুৱা গোস্বামী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিনাতিনী আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ইত‍্যাদি উত্তৰ-পূৰ্বাঞ্চল সাস্কৃতিক মঞ্চৰো ৰাজ‍িক সভাপতি।

You might also like
Leave A Reply

Your email address will not be published.