ASSAM | Assam CM visits flood affected areas of Upper assam : চৰাইদেউত বন্যা পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

চৰাইদেউত বন্যা পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ অধিক ক্ষতিৰ স্বীকাৰোক্তি; সহায়ৰ আশ্বাস

নিউজ ডেস্ক: চৰাইদেউৰ বানৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাত উপস্থিত হৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বন্যাৰ্ত লোকসকলৰ সৈতে মতবিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁলোকৰ দুখ-কষ্টৰ সমভাগী হোৱা বুলি প্ৰকাশ কৰে।

পৰিদৰ্শনৰ সময়ত বিভিন্ন স্থানত এতিয়াও বহু লোকে চৰকাৰী বান সাহাৰ্য লাভ নকৰাৰ কথা স্বীকাৰ কৰে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে চৰকাৰে যিমান সম্ভৱ সিমান সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে।

ASSAM | Assam CM visits flood affected areas of Upper assam : চৰাইদেউত বন্যা পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্য চৰকাৰৰ পুঁজিৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাই। কেন্দ্ৰীয় চৰকাৰেও বান মোকাবিলাৰ বাবে পৰ্যাপ্ত আৰ্থিক অনুদান আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয়, “ৰাইজৰ কষ্টৰ কোনো সীমা নাই। আমি এই দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত আছো আৰু পুনৰ সংস্থাপনৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

ড০ শৰ্মাই জনায় যে, নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণ সম্পৰ্কে পূৰ্বেই ৰাজ্য চৰকাৰক অৱগত কৰা হৈছিল। কিন্তু চৰকাৰে যি পৰিমাণৰ ক্ষতিৰ অনুমান কৰিছিল, বাস্তৱত ক্ষয়-ক্ষতি তাৰ তুলনাত বহু বেছি হোৱা বুলি তেওঁ স্বীকাৰ কৰে।

ইফালে, বান পৰিস্থিতিৰ সামগ্ৰিক মূল্যায়ন অব্যাহত ৰাখি ক্ষতিগ্ৰস্ত লোকসকললৈ অতি সোনকালে অধিক সহায় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে পুনৰ নিশ্চিত কৰে।

You might also like
Leave A Reply

Your email address will not be published.