গুৱাহাটী: অসমত বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যখনৰ মুঠ ২৫ খন জিলা বৰ্তমান বানৰ কবলত পৰিছে। চৰকাৰী তথ্য অনুসৰি, বানৰ ফলত ৭.৫০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে ৩৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে ৩ গৰাকী লোক সন্ধানহীন হৈ আছে।
বানৰ প্ৰভাৱত পৰা জিলাসমূহ হৈছে— গোৱালপাৰা, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ, চৰাইদেউ, নলবাৰী, বজালী, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, শিৱসাগৰ, দৰং, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, কামৰূপ আৰু কামৰূপ মহানগৰ।
বানৰ ফলত ৰাজ্যৰ ৭৪টা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১,৭০০খন গাঁও জলমগ্ন হৈ আছে। বহু অঞ্চলত বাসিন্দাসকলে উজাগৰী নিশা কটাবলগীয়া হৈছে আৰু স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈছে।
বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে ৯৫টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে। এই শিবিৰসমূহত বৰ্তমান প্ৰায় ২০ হাজাৰ লোকে আশ্ৰয় লৈ আছে।
সম্পত্তিৰ ক্ষয়-ক্ষতিও যথেষ্ট। বানৰ ফলত ৪০১টা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ১,৮৪৮টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও আকস্মিক বানত পশুধনৰো ব্যাপক ক্ষতি হৈছে। চৰকাৰী তথ্য অনুসৰি, এতিয়ালৈকে ১৮৫টা পশুধনৰ মৃত্যু হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্রশাসনে বানপীড়িত লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিছে।