ASSAM | PM Modi Breaks Silence Delhi Protest :’যুৱ সমাজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাই চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ ‘-মোদী

ASSAM | PM Modi Breaks Silence Delhi Protest :'যুৱ সমাজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাই চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ '-মোদী

গুৱাহাটী : দেশজুৰি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

X যোগ প্ৰধানমন্ত্ৰী মোদীয়ে কয়- যে যুৱ সমাজৰ কল্যাণ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। এই উদ্দেশ্যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট-ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত লোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ যুৱ সমাজৰ কল্যাণ আৰু ভৱিষ্যতৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ একো নাই। প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট-ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

তেওঁ লগতে স্পষ্ট কৰি কয় যে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

যুৱ সমাজৰ ভৱিষ্যৎ নষ্ট কৰাৰ চেষ্টা কৰা লোকসকলক কঠোৰ সতৰ্কবাণী জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “যিসকলে আমাৰ যুৱ সমাজৰ ভৱিষ্যৎ নষ্ট কৰাৰ চেষ্টা কৰিব, তেওঁলোকক কোনো পৰিস্থিতিতেই ৰেহাই দিয়া নহ’ব।”

You might also like
Leave A Reply

Your email address will not be published.