গুৱাহাটীঃ অসমৰ পৰিৱেশ গৱেষিকা ড° লিনী গোস্বামীয়ে জাপানত অনুষ্ঠিত হ’বলগীয়া *ছ’চাইটি অৱ এনভাইৰ’মেণ্টেল টক্সিক’লজি এণ্ড কেমিষ্ট্ৰী (SETAC) এছিয়া-পেচিফিকৰ ১৫ সংখ্যক দ্বিবাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত গৱেষণা উপস্থাপনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। অহা ২০ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ জাপানৰ ছুকুবা চহৰত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত তেওঁ মাটিত ধাতৱ প্ৰদূষণৰ প্ৰভাৱ আৰু কাৰ্বন সংৰক্ষণ সম্পৰ্কীয় গৱেষণা উপস্থাপন কৰিব।
পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত দহ বছৰতকৈ অধিক অভিজ্ঞতা থকা ড° গোস্বামীয়ে ছুইডেনৰ অ’ৰেব্ৰ’ বিশ্ববিদ্যালয়, বিশ্ব-ভাৰতী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষণা কাৰ্য সম্পন্ন কৰিছে। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ বিজ্ঞান বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰে।

জাপানত অনুষ্ঠিত এই সন্মানজনক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অসমৰ এগৰাকী গৱেষিকাৰ অংশগ্ৰহণে কেৱল ৰাজ্যখনৰ বাবেই নহয়, ভাৰতৰ পৰিৱেশ গৱেষণাৰ ক্ষেত্ৰতো এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে। এই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ আগশাৰীৰ বিজ্ঞানী, গৱেষক আৰু পৰিৱেশ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত নিজৰ গৱেষণা আৰু মতামত বিনিময় কৰিব।